ভাৰতৰ যিকোনো ঠাইত সন্তানৰ স্নাতক পৰ্যায়লৈ শিক্ষা মাছুল, হোষ্টেলৰ মাছুল আৰু কিতাপ-পত্ৰৰ ১০০ শতাংশ খৰছ বহন কৰিব ৰিলায়েন্সে।
ভাৰতৰ যিকোনো ঠাইত সন্তানৰ স্নাতক পৰ্যায়লৈ শিক্ষা মাছুল, হোষ্টেলৰ মাছুল আৰু কিতাপ-পত্ৰৰ ১০০ শতাংশ খৰছ বহন কৰিব ৰিলায়েন্সে।
কোৰোণা মহামাৰীৰ ভয়ংকৰ সংক্ৰমণত আমি বহুতেই নিজৰ আত্মীয় আৰু প্ৰিয়জনক হেৰুওৱাৰ বেদনা সহ্য কৰিব লগা হৈছে। এনে কৰুণ মৃত্যুক আঁকোৱালি লোৱাসকলৰ ভিতৰত হয়তো আমাৰো কোনো সতীৰ্থ আছে যাক হেৰুৱাই আমি আজিও মৰ্মাহত।
আপোনজনক হেৰুৱাৰ বেদনা আৰু সেই ক্ষতি হয়তো কোনেও পূৰণ কৰিব নোৱাৰে! কিন্তু 'এক ৰিলায়েন্স পৰিবাৰ' (One Reliance Family) হিচাপে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড (Reliance Industries Limited)ৰ ভুক্তভোগী কৰ্মচাৰীৰ পৰিয়ালক কিছু পৰিমাণে হ'লেও সকাহ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
ৰিলায়েন্সৰ কৰ্মচাৰীৰ প্ৰতি উদাৰতাই হৈছে মূল লক্ষ্য। সেয়ে ৰিলায়েন্সে মানি চলে "উই কেয়াৰ" (WE CARE) বাণী। আৰু এই বাণীকেই সৰোগত কৰি কোভিড -১৯ত প্ৰাণ হেৰুৱওৱা কৰ্মচাৰীৰ বাবে আৰম্ভ কৰিছে 'ৰিলায়েন্স কৰ্মচাৰীৰ পৰিয়াল সহায় আৰু কল্যাণ আঁচনি' (the Reliance Family Support and Welfare Scheme) যাৰ অধীনত প্ৰদান কৰা হ'ব তলত দিয়া সুবিধাসমূহ...
প্ৰয়াত কৰ্মচাৰীগৰাকীয়ে অন্তিম মাহত লাভ কৰা দৰমহা পৰৱৰ্তী ৫ বছৰলৈ নমিনীক দি থাকিব ৰিলায়েন্সে।
কৰ্মচাৰীগৰাকীৰ সন্তানৰ, ভাৰতৰ যিকোনো ঠাইত স্নাতক পৰ্যায়লৈ শিক্ষাৰ বাবে শিক্ষা মাছুল, হোষ্টেলৰ মাছুল আৰু কিতাপ-পত্ৰৰ ১০০ শতাংশ খৰছ বহন কৰিব ৰিলায়েন্সে।
কৰ্মচাৰীগৰাকীৰ পতি বা পত্নী, পিতৃ-মাতৃ আৰু স্নাতক ডিগ্ৰীলৈ সন্তান অসূখত চিকিৎসাধীন হ'লে চিকিৎসাালয়ৰ সকলো ব্যয় ৰিলায়েন্সে বহন কৰিব।
ইয়াৰ উপৰিও ৰিলায়েন্সে, ইয়াৰ যিকোনো কৰ্মচাৰী বা পৰিয়ালৰ লোক কোভিড-১৯ত আক্ৰান্ত হ'লে আৰোগ্য হোৱালৈ পূৰ্ণকালীন ছুটীৰ সুবিধা দিছে। শাৰীৰিক আৰু মানসিকভাৱে যাতে সকলো সবল থাকে তাৰ প্ৰতি দিছে সৰ্বাধিক গুৰুত্ব।
এক বিবৃতি যোগে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে এই ঘোষণা কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|