• Home
  • »
  • News
  • »
  • mumbai
  • »
  • Reliance Foundation : ৰিলায়েন্সৰ অফ-ৰোল কৰ্মচাৰীলৈ ১০ লাখ টকাৰ এককালীন সাহাৰ্য আঁচনি। কোভিড-১৯ত প্ৰাণ হেৰুৱালে ৰিলায়েন্স ফাউণ্ডেচনে পৰিয়ালক দিব এই অনুদান।

Reliance Foundation : ৰিলায়েন্সৰ অফ-ৰোল কৰ্মচাৰীলৈ ১০ লাখ টকাৰ এককালীন সাহাৰ্য আঁচনি। কোভিড-১৯ত প্ৰাণ হেৰুৱালে ৰিলায়েন্স ফাউণ্ডেচনে পৰিয়ালক দিব এই অনুদান।

Family Support and Welfare Scheme for "Off-Roll" Workforce: ৰিলায়েন্স ফাউণ্ডেচনে আৰম্ভ কৰিছে উই কেয়াৰ (WE CARE), অফ-ৰোল কৰ্মচাৰীৰ পৰিয়াল সহায় আৰু কল্যাণ আঁচনি।

Family Support and Welfare Scheme for "Off-Roll" Workforce: ৰিলায়েন্স ফাউণ্ডেচনে আৰম্ভ কৰিছে উই কেয়াৰ (WE CARE), অফ-ৰোল কৰ্মচাৰীৰ পৰিয়াল সহায় আৰু কল্যাণ আঁচনি।

Family Support and Welfare Scheme for "Off-Roll" Workforce: ৰিলায়েন্স ফাউণ্ডেচনে আৰম্ভ কৰিছে উই কেয়াৰ (WE CARE), অফ-ৰোল কৰ্মচাৰীৰ পৰিয়াল সহায় আৰু কল্যাণ আঁচনি।

  • Share this:
কোৰোণা মহামাৰীৰ ভয়ংকৰ সংক্ৰমণে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰাৰ মাজতে ৰিলায়েন্স ফাউণ্ডেচন (Reliance Foundation)এ গ্ৰহণ কৰিছে এক মহান পদক্ষেপ।

কোভিডে লাখ লাখ লোকৰ প্ৰাণ কাঢ়িলে। বহু পৰিয়াল নিশ্চিহ্ন হৈ গ'ল, বহু পৰিয়াল নিঠৰুৱা হৈ পৰিল। আত্মীয় আৰু প্ৰিয়জনক হেৰুওৱাৰ বেদনাত লাখ লাখ লোক দিশহাৰা হৈ পৰিছে। অনিশ্চিত হৈ পৰিছে তেওঁলোকৰ ভৱিষ্যত। এনে কৰুণ মৃত্যুক আঁকোৱালি লোৱাসকলৰ ভিতৰত হয়তো আমাৰো কোনো সতীৰ্থ আছে যাক হেৰুৱাই আমি আজিও মৰ্মাহত।

এনে এক সন্ধিক্ষণতে ৰিলায়েন্স ফাউণ্ডেচনে লৈছে এক মহান পদক্ষেপ। ৰিলায়েন্সে মানি চলে "উই কেয়াৰ" (WE CARE) বাণী। আৰু এই বাণীকেই সৰোগত কৰি আৰম্ভ কৰিছে অফ-ৰোল কৰ্মচাৰীৰ পৰিয়াল সহায় আৰু কল্যাণ আঁচনি (Family Support and Welfare Scheme for "Off-Roll" Workforce) । ৰিলায়েন্স (Reliance)ৰ অধীনত থকা প্ৰতিষ্ঠানত কাম কৰা সকলো অফ-ৰোল "Off-Roll" কৰ্মচাৰী আৰু তেওঁলোকৰ পৰায়াললৈ এই ঘোষণাই আনিব এক সকাহৰ বাৰ্তা। এই আপদকালত প্ৰয়াত কৰ্মচাৰীগৰাকীৰ পৰিয়ালক সাহস আৰু সমবেদনা দিয়াৰ উদ্দেশ্যে ৰিলায়েন্স ফাউণ্ডেচনে সহায়ৰ হাত আগবঢ়াই তলত দিয়া ঘোষণাটি কৰিছে-

কোনো অফ-ৰোল কৰ্মচাৰীৰ যদি কোভিড-১৯ত মৃত্যু হয় তেনেহ'লে তেওঁৰ পৰিয়াললৈ ৰিলায়েন্স ফাউণ্ডেচনৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব ১০ লাখ (10 Lakhs) টকাৰ এককালীন সাহাৰ্য। কৰ্মচাৰীগৰাকীৰ নমিনীলৈ হস্তান্তৰ কৰা হ'ব এই অনুদান।

এই কথা ঘোষণা কৰিছে ৰিলায়েন্স ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানীয়ে।

ৰিলায়েন্সৰ কৰ্মচাৰীৰ প্ৰতি উদাৰতাই হৈছে মূল লক্ষ্য। সেয়ে ৰিলায়েন্সে মানি চলে "উই কেয়াৰ" (WE CARE) বাণী। আৰু এই বাণীকেই সৰোগত কৰি কোভিড -১৯ত প্ৰাণ হেৰুওৱা কৰ্মচাৰীৰ বাবে আৰম্ভ কৰিছে 'ৰিলায়েন্স কৰ্মচাৰীৰ পৰিয়াল সহায় আৰু কল্যাণ আঁচনি' (the Reliance Family Support and Welfare Scheme) যাৰ অধীনত প্ৰদান কৰা হ'ব তলত দিয়া সুবিধাসমূহ...

প্ৰয়াত কৰ্মচাৰীগৰাকীয়ে অন্তিম মাহত লাভ কৰা দৰমহা পৰৱৰ্তী ৫ বছৰলৈ নমিনীক দি থাকিব ৰিলায়েন্সে।

কৰ্মচাৰীগৰাকীৰ সন্তানৰ, ভাৰতৰ যিকোনো ঠাইত স্নাতক পৰ্যায়লৈ শিক্ষাৰ বাবে শিক্ষা মাছুল, হোষ্টেলৰ মাছুল আৰু কিতাপ-পত্ৰৰ ১০০ শতাংশ খৰছ বহন কৰিব ৰিলায়েন্সে।

কৰ্মচাৰীগৰাকীৰ পতি বা পত্নী, পিতৃ-মাতৃ আৰু স্নাতক ডিগ্ৰীলৈ সন্তান অসূখত চিকিৎসাধীন হ'লে চিকিৎসাালয়ৰ সকলো ব্যয় ৰিলায়েন্সে বহন কৰিব।

ইয়াৰ উপৰিও ৰিলায়েন্সে, ইয়াৰ যিকোনো কৰ্মচাৰী বা পৰিয়ালৰ লোক কোভিড-১৯ত আক্ৰান্ত হ'লে আৰোগ্য হোৱালৈ পূৰ্ণকালীন ছুটীৰ সুবিধা দিছে। শাৰীৰিক আৰু মানসিকভাৱে যাতে সকলো সবল থাকে তাৰ প্ৰতি দিছে সৰ্বাধিক গুৰুত্ব।
Published by:Manjumoni Borah
First published: