মুম্বাই আৰক্ষীয়ে শীঘ্ৰেই সন্ধানহীন বা অপহৃত শিশুসকলক তেওঁলোকৰ পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰিবলৈ এটা প্ৰচেষ্টা আৰম্ভ কৰিব। দেশৰ ৭৫ তম স্বাধীনতা দিৱস ১৫ আগষ্টত 'অপাৰেচন ৰিইউনাইটেড' আৰম্ভ কৰা হ'ব আৰু ১৫ ছেপ্টেম্বৰলৈকে চলিব বুলি এজন বিষয়াই সোমবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে, এই উদ্যোগটো সফল কৰিবলৈ মহানগৰ আৰক্ষীয়ে নাগৰিকসকলৰ পৰা সহায় বিচাৰিছে যাতে তেওঁলোকে নিৰুদ্দেশ আৰু অপহৃত শিশুবিলাক বিচাৰি উলিওৱাত সহায় কৰে।
মাহজোৰা অনুশীলনৰ সময়ত, আৰক্ষীয়ে এনে শিশুৰ অভিভাৱকসকলকো বিচাৰিব আৰু তেওঁলোকক তেওঁলোকৰ পৰিয়ালৰ সৈতে পুনৰ মিলিত হোৱাত সহায় কৰিব বুলি বিষয়াজনে উল্লেখ কৰে।
আৰক্ষীয়ে সন্দেহজনক অৱস্থাত পোৱা শিশু, ৰে'ল ষ্টেচন, বাছ ডিপো আৰু ৰাস্তাত ভিক্ষা কৰা আৰু ৰেগ-পিকিংত লিপ্ত লোকসকলৰ বিষয়ে হেল্পলাইন নম্বৰ 100 বা 1098-ত অৱগত কৰিবলৈও জনসাধাৰণক আহ্বান জনাইছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|