চাৰিচকীয়া বাহনত যাত্ৰা কৰা সকলো যাত্ৰীৰ বাবে মুম্বাইৰ 'বাধ্যতামূলক ছীটবেল্ট নিয়ম' আজিৰ পৰা কাৰ্যকৰী হ’ল। মুম্বাই আৰক্ষীয়ে চলিত মাহৰ আৰম্ভণিতে এই নিয়মৰ বিষয়ে অৱগত কৰিছিল, কাৰণ টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ পথ দুৰ্ঘটনাত মৃত্যুৱে চাৰিচকীয়া বাহনৰ পিছফালৰ ছীটতো যাত্ৰীয়ে ছীটবেল্ট পৰিধানৰ গুৰুত্ব বৃদ্ধি কৰিলে।
এই নিয়ম বলবৎ হোৱাৰ লগে লগে আৰক্ষীয়ে শাস্তি আৰু পৰামৰ্শৰ সংমিশ্ৰণেৰে মানুহক সংবেদনশীল কৰি তুলিব যদিও ছীটবেল্ট অবিহনে ধৰা পৰিলে জৰিমনা বিহা হ’ব।
“মুম্বাই চহৰৰ পথত যাতায়ত কৰা সকলো মটৰ গাড়ী চালক আৰু বাহনত অহা সকলো যাত্ৰীকে ইয়াৰ দ্বাৰা জনোৱা হ’ল যে, ০১/১১/২০২২ৰ পৰা যাত্ৰা কৰাৰ সময়ত চালক আৰু সকলো যাত্ৰীয়ে ছীটবেল্ট পৰিধান কৰাটো বাধ্যতামূলক হ’ব। অন্যথা মটৰ গাড়ী (সংশোধনী) আইন ২০১৯ৰ ধাৰা ১৯৪(বি)(১)ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’- বুলি ১৪ অক্টোবৰত এক অধিসূচনাত জাৰি কৰিছে।
সংবাদ সংস্থা পিটিআইয়ে যান-বাহন আৰক্ষীৰ এজন বিষয়াৰ উদ্ধৃতিৰে কয় যে মটৰচাইকেল আৰোহী আৰু সহযাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত আমাৰ গুৰুত্ব হ’ব ছীটবেল্ট নিপিন্ধাকৈ পোৱা চালক আৰু সহযাত্ৰীসকলক সংবেদনশীল কৰা।
তেওঁ কয় যে পিছফালে ছীটবেল্ট নথকা চাৰিচকীয়া বাহনৰ মালিকক আৰক্ষীয়ে সকীয়াই দিব আৰু তেওঁলোকক ছীটবেল্ট সংযোজন কৰিবলৈ ক’ব।
মটৰ গাড়ী (সংশোধনী) আইন অনুসৰি যিয়ে নিৰাপত্তা বেল্ট নিপিন্ধাকৈ গাড়ী চলাব বা ছীটবেল্ট পৰিধান নকৰা যাত্ৰী কঢ়িয়াই লৈ ফুৰে, তেওঁক শাস্তি বিহা হ’ব।
আৰক্ষী বিষয়াৰ উদ্ধৃতি দি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি চাইৰাছ মিষ্ট্ৰীয়ে পিছফালৰ চিটত বহি আছিল আৰু তেওঁ ছিটবেল্ট পৰিধান কৰা নাছিল।
তেওঁৰ মৃত্যুৰ পিছতে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে ছেপ্টেম্বৰ মাহত খচৰা নিয়ম জাৰি কৰি গাড়ী নিৰ্মাতাসকলে পিছফালৰ ছীটবেল্টৰ বাবেও এলাৰ্ম ব্যৱস্থা স্থাপন কৰাটো বাধ্যতামূলক কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|