অসম এছ'চিয়েচন মুম্বাইৰ (The Assam Association Mumbai) উদ্যোগত আজি মুম্বাইৰ (Mumbai) পশ্চিম বান্দ্ৰাস্থিত (Bandra, West) ৰংগশৰ্দা নাট্যমন্দিৰত 'যাযাবৰ' (Jajabor) শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই 'সাগৰ-সংগম' (Sagar Sangam) শীৰ্ষক এটি এলবাম মুকলি কৰা হয়। এলবামটোত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ (Dr. Bhupen Hazarika) ১০টা কালজয়ী গীত মাৰাঠী (Marathi) ভাষাত মুকলি কৰা হয়।
উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ (Maharashtra) প্ৰখ্যাত কণ্ঠশিল্পী সুৰেশ ৱাডকাৰ, বাইজনাথ মংগেশকাৰ, বৈশালী সমান্ত, মহালক্ষ্মী আয়াৰ, সুদেশ ভোশলে আৰু বিজয় গটলেৱাৰে মাৰাঠী ভাষাত কণ্ঠদান কৰিছে এই গীতকেইটাত। মহাৰাষ্ট্ৰৰ প্ৰৱাসী অসমীয়াৰ (Assamese) প্ৰচেষ্টাত মাৰাঠী ভাষাত বাণীবদ্ধ কৰা হৈছে ড° ভূপেন হাজৰিকাৰ ১০টা কালজয়ী গীত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।