• Home
  • »
  • News
  • »
  • mumbai
  • »
  • Reliance Foundation : ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালে কোভিড-১৯ চিকিৎসাৰ বাবে শিশু আৰু এডাল্ট ক্ৰিটিকেল কেয়াৰ ইউনিট বৃদ্ধিত দিছে গুৰুত্ব।

Reliance Foundation : ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালে কোভিড-১৯ চিকিৎসাৰ বাবে শিশু আৰু এডাল্ট ক্ৰিটিকেল কেয়াৰ ইউনিট বৃদ্ধিত দিছে গুৰুত্ব।

ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালে ৱৰ্লিত থকা নেচনেল স্পৰ্টছ ক্লাৱ অৱ ইণ্ডিয়াত ৬৫০ বিছনা যুক্ত কোভিড কেয়াৰ কেন্দ্ৰ অব্যাহত ৰাখিছে। ১০০ খন বিছনা কেৱল শিশুৰ বাবে সংৰক্ষিত ৰখা আৰু এই ১০০খনৰো ২০ খন হৈছে ICU বিছনা।

  • Share this:
অনাগত দিনত মুম্বাইত কোৰোণাৰ সংক্ৰমণ বৃদ্ধিৰ আশংকা কৰি এতিয়াই সাজু হোৱাৰ উদ্দেশ্যৰে ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাল(RFH)এ কোভিড-১৯ চিকিৎসাৰ বাবে শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ৰিটিকেল কেয়াৰ ইউনিট বৃদ্ধি কৰাত দিছে গুৰুত্ব। মুম্বাই চহৰত নিজে এই ক্ষেত্ৰত কাম কৰাৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু বৃহত্তৰ মুম্বাই পৌৰ নিগম(BMC)ক সৰ্বতোপ্ৰকাৰে সহযোগ কৰিব।

ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালে কোৰোণাৰ প্ৰতি লক্ষ্য ৰাখি শিশুৰ চিকিৎসাৰ ব্যৱস্থা বৃদ্ধি কৰাত গুৰুত্ব দিছে। ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালে এই মূহূৰ্তত ৱৰ্লিত থকা নেচনেল স্পৰ্টছ ক্লাৱ অৱ ইণ্ডিয়াত ৬৫০ বিছনা যুক্ত কোভিড কেয়াৰ কেন্দ্ৰ অব্যাহত ৰাখিছে। ইয়াৰে ১০০ খন কেৱল শিশুৰ বাবে সংৰক্ষিত ৰখা হৈছে আৰু এই ১০০খনৰো ২০ খন হৈছে ICU বিছনা। ICU বিছনাসমূহৰ সৈতে আছে শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে ভেণ্টিলেটৰ, মনিটৰ, ডায়েলাইছিছ ছাপোৰ্ট আৰু অক্সিজেনৰ ব্যৱস্থা।

চিকিৎসক, নাৰ্ছ আৰু অন্য কৰ্মচাৰীকে ধৰি এই কেন্দ্ৰটোত ৫০০ৰো অধিক ফ্ৰণ্টলাইন কৰ্মীয়ে সেৱা আগবঢ়াই আছে। ইয়াত ভৰ্তি হোৱা সকলো কোভিড ৰোগীক ৰিলায়েন্স ফাউণ্ডেচন (RF)ৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামুলীয়াকৈ দিয়া হৈছে চিকিৎসা।

ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা নিতা আম্বানীয়ে কয়, "এই সংকটৰ সময়ত যিসকল লোকে দুখ-যন্ত্ৰণা ভূগিছে আৰু যি সকলে নিজৰ আত্মীয়সকলক হেৰুৱাইছে আমি তেওঁলোকৰ দুখৰ প্ৰতি সমবেদনা জনাইছোঁ। আমি কোভিড-১৯ৰ এই আপদ কালত আমাৰ সাধ্য অনুসাৰে সকলো কৰিম। একেলগে আমি এই বিপদকালত দেখা দিয়া প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিম।"

ৰিলায়েন্স ফাউণ্ডেচনে ট্ৰাইডেণ্ট হোটেলত স্থাপন কৰা কোভিড সেৱা কেন্দ্ৰটো ১০০ বিছনা দি সহায় কৰিছে। উল্লেখ্য যে বিগত বৰ্ষতো কোৰোণাৰে যুঁজিৰ ক্ষেত্ৰত মহান ভূমিকা লৈছিল ৰিলায়েন্স ফাউণ্ডেচনে।
Published by:Manjumoni Borah
First published: