পেছাত এগৰাকী মণ্ডপ ডেকোৰেটৰ পাস্কেল চালধানাই পত্নীৰ বৃক্ক বিকল হোৱাৰ বাবে এক বাধ্যতামূলক ডায়েলাইচিছ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে আগবাঢ়ি আহে কোভিড আক্ৰান্ত সহায়ৰ বাবে।
পেছাত এগৰাকী মণ্ডপ ডেকোৰেটৰ পাস্কেল চালধানাই পত্নীৰ বৃক্ক বিকল হোৱাৰ বাবে এক বাধ্যতামূলক ডায়েলাইচিছ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে আগবাঢ়ি আহে কোভিড আক্ৰান্ত সহায়ৰ বাবে।
দেশত কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলতেই দেশত এতিয়া সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ । প্ৰতিদিনে কোভিড আক্ৰান্তৰ সংখ্যাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যাই এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । কোভিডৰ ফলতেই আপোনজনক হেৰুৱাই শোকত ভাঙি পৰিছে বহু পৰিয়াল ।
কোভিডৰ এই বিধ্বংসীৰূপত দেশৰ স্বাস্থ্য খণ্ড দুৰ্বল হৈ পৰা সময়তে আন জীৱন ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে বহু মানৱতাবাদী লোক । তেনেই এগৰাকী লোক হৈছে পেছাত মণ্ডপ ডেকোৰেটৰ মুম্বাইৰ পাস্কেল চালধানা । চালধানাই শেহতীয়াকৈ পত্নীৰ বৃক্ক বিকল হোৱাৰ বাবে এক বাধ্যতামূলক ডায়েলাইচিছ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে পত্নীৰ অনুৰোধমৰ্মে আগবাঢ়ি আহিছে কোভিড আক্ৰান্ত সহায়ৰ বাবে । কোভিডৰ গুৰুতৰ লক্ষণ দেখা দিয়া লোকসকলক যোগান ধৰিছে বিনামূলীয়া অক্সিজেন চিলিণ্ডাৰ ।
সংবাদ সংস্থা ANIৰ সৈতে বাৰ্তালাপ কৰি পাস্কেলে কয় যে তেওঁ ১৮ এপ্ৰিলৰ পৰা বিনামূলীয়া অক্সিজেন চিলিণ্ডাৰ বিতৰণ কৰি আহিছে। তেওঁ লগতে কয় যে যদিও ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ বিনামূলীয়াকৈ অক্সিজেন গেছ চিলিণ্ডাৰৰ যোগান ধৰে যদিও বহু লোকে তেওঁক আনক সহায় কৰিবলৈ ধন দিছে । ANI প্ৰতিবেদনত কোৱা হৈছে যে পাস্কেলৰ পত্নীয়ে পাঁচ বছৰ ধৰি ডায়েলাইচিছ চিকিৎসা গ্ৰহণ কৰি আছে আৰু সঘনাই তেওঁ চিকিৎসালয়লৈ যায়। বৰ্তমান পাস্কেলৰ পত্নী ডায়েলাইচিছ আৰু অক্সিজেন সমৰ্থনত আছে আৰু সেয়েহে দম্পতীহালৰ ওচৰত সদায়ে এটা অতিৰিক্ত চিলিণ্ডাৰ থাকে ।
জানিব পৰা মতে, চহৰখনত ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে অক্সিজেন চিলিণ্ডাৰৰ বাবে এছঅ'এছ বোৰ বাঢ়ি অহাৰ লগে লগে পাস্কেলে এদিন বিদ্যালয়ৰ অধ্যক্ষৰ পৰা ফোন পাইছিল যিয়ে তেওঁক স্বামীৰ বাবে অক্সিজেন চিলিণ্ডাৰ বিচাৰিছিল । কিন্তু পত্নীৰ অনুৰোধত, পাস্কেলে অতিৰিক্ত চিলিণ্ডাৰটো মহিলাগৰাকীক দি দিছিল । অক্সিজেন চিলিণ্ডাৰ আৰু কেনৰ উচ্চ চাহিদাৰ কথা বিবেচনা কৰি পত্নীয়ে পাস্কেলক অধিক লোকক সহায় কৰিবলৈ আহ্বান জনাইছিল । তাৰ পিছতে পাস্কেলে তেওঁৰ পত্নীৰ গহনা বিক্ৰী কৰি লাভ কৰা ৮০,০০০ টকাৰে বিনামূলীয়া অক্সিজেন চিলিণ্ডাৰ বিতৰণ আৰম্ভ কৰিছিল ।
উল্লেখ্য যে,বহুতো বেচৰকাৰী সংগঠন, উদ্যোগীৰ লগতে চনু সুদৰ দৰে জনপ্ৰিয় অভিনেতাই কোভিড আক্ৰান্ত ৰোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে । যদিও পাস্কেলৰ দৰে লোকৰ কাহিনীয়ে সঁচাকৈয়ে দেখুৱায় যে আনক সহায় কৰিবলৈ আপুনি ধনী হ'ব নালাগে, থাকিব লাগে মাথো সহায় কৰাৰ মন ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|