মহাৰাষ্ট্ৰত চাংলি জিলাৰ মিৰাজৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ (Medical College) ৪৯ গৰাকী ছাত্ৰী আৰু দুজন কৰ্মচাৰী কৰোনা ভাইৰাছৰ (Corona Virus) দ্বাৰা সংক্ৰমিত হোৱা বুলি নিশ্চিত কৰা হৈছে। বিষয়াসকলে মঙলবাৰে কৈছে যে সংক্ৰমিত শিক্ষাৰ্থী সকলে ইতিমধ্যে ভেকছিনৰ দুয়োটা পালি লাভ কৰিছে। সকলো সংক্ৰমিত লোকক মহাবিদ্যালয়ৰ সৈতে সংযুক্ত হৈ থকা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জিতেন্দ্ৰ ডুডিয়ে কয় যে মুঠ ৫১ জন লোক – ৪৯ গৰাকী শিক্ষাৰ্থী আৰু দুজন কৰ্মচাৰী ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাটো নিশ্চিত কৰা হৈছে। তেওঁ কৈছে যে বেছিভাগ শিক্ষাৰ্থীৰ ৰোগৰ কোনো লক্ষণ নাছিল। তেওঁলোক সকলোকে মহাবিদ্যালয়ৰ সৈতে সংযুক্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseইয়াৰ পূৰ্বে মহাবিদ্যালয়ৰ ডিন ড০ সুধীৰ নানন্দকাৰে কয়, "হোষ্টেলৰ এটা অংশত সংক্ৰমণৰ ঘটনা ঘটিছে কিয়নো শিক্ষাৰ্থীসকল খাদ্যৰ বাবে একে ঠাইত জমা হৈছে।" পূৰ্বৰ প্ৰতিবেদনত নিশ্চিত কৰা হৈছিল যে ১৮ গৰাকী শিক্ষাৰ্থী সংক্ৰমিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|