দেশত এতিয়া সকলোৰে মুখে মুখে বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়া (Katrina Kaif-Vicky Kaushal Wedding)ৰ কথা। ৯ ডিচেম্বৰত ৰাজস্থানৰ ৰাজকীয় ছিক্স ছেন্সেচ দুৰ্গত বিয়া হ’ব বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কেটিৰনা কাইফ আৰু অভিনেতা বিকি কৌশলৰ। এই বিয়াখনত অতিথিৰূপে উপস্থিত থআকিব মাত্ৰ ১২০ গৰাকী লোক। বাতৰি মতে কেটৰিনা আৰু বিকিৰ বিয়াৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আনকি বিয়াৰ ফটো তোলা আৰু ভডিঅ’ কৰাতো নিষেধাজ্ঞা (No Mobile and Camera in Katrina-Vicky MArriage) জাৰি কৰা হৈছে বুলি বাতৰি ওলাইছে। ইমানেই নহয় জানিব পৰা মতে এই বহু চৰ্চিত বিয়াখনত মোবাইল ফোন আৰু কেমেৰা আদিও নিষিদ্ধ কৰা হৈছে বুলি খবৰ ভাইৰেল হৈছে। কিন্তু ইয়াৰ মাজতে খবৰ ওলাইছে যে কেটৰিনা আৰু বিকিৰ বিয়াখনৰ ফটো আৰু ভিডিঅ’ কৰাৰ বাবে এটা প্ৰতিষ্ঠানে হেনো ১০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে।
বিকি কৌশল আৰু কেটৰিনা কাইফে হেনো তেওঁলোকৰ বিয়াখনৰ ফটো আৰু দৃশ্যৰ স্বত্ব এখন আন্তৰাষ্ট্ৰীয় আলোচনীক প্ৰদান কৰিছে। কিন্তু শেহতীয়া এক বতাৰি মতে এটা OTT কোম্পানীয়ে কেটৰিনা আৰু বিকিৰ বিয়াৰ ফটো আৰু ভিজুৱেলৰ বাবে ১০০ কোটি টকাৰ প্ৰস্তাৱ দিছে। Pinkvilla নামৰ ৱেব কাকতখনৰ মতে OTT কোম্পানীটোৱে দিছে এই আচৰিত প্ৰস্তাৱ।
পিছে এই বাতৰি কিমান সত্য সেয়া নিশ্চিত নহয়। আজিকালি বিভিন্ন তাৰকাই এনেদৰে নিজৰ বিয়াৰ ফটো–ভিজুৱেলৰ স্বত্ব বিভিন্ন কোম্পানীক বিক্ৰী কৰাৰ এটা নতুন ট্ৰেণ্ড আৰম্ভ হৈছে। বিকি–কেটেও ছাগে তাকেই অনুৰণ কৰিছে। সেয়ে হয়তো তেওঁলোকৰ বিয়াত মোবাইল আৰু কেমেৰা নিষিদ্ধ কৰাৰ বাতৰি পোৱা গৈছে।