বনি কাপুৰ (Boney Kapoor) আৰু প্ৰয়াত শ্ৰীদেৱীৰ (Sridevi) জ্যেষ্ঠ কন্যা অভিনেত্ৰী জাহ্নৱী কাপুৰ (Janhvi Kapoor) ছচিয়েল মিডিয়াত অতি সক্ৰিয়। বিভিন্ন ভিডিও শ্বেয়াৰ কৰি জাহ্নৱীয়ে অনুৰাগীৰ মনোযোগ আকৰ্ষণ কৰি থাকে। শেহতীয়াকৈ জাহ্নৱীৰ এটা ভিডিওই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত যথেষ্ট ভিউজ পাইছে। এই ভিডিওটোত জাহ্নৱীয়ে নিজৰ মেকআপ আৰ্টিষ্টগৰাকীৰ লগত তুমুল কাজিয়া কৰা দেখা গৈছে।
পিছে আপুনি যদি ভাবিছে যে এইয়া সঁচা কাজিয়া তেনেহ’লে আপুনি ভুল কৰিছে। দৰাচলতে এইটো এক অভিনয়। ‘বিগ বছ ৫’ৰ প্ৰতিযোগী পূজা মিশ্ৰ আৰু সোনালী নাগৰানীৰ কাজিয়াৰ নকল কৰি এই ভিডিও প্ৰস্তুত কৰিছে জাহ্নৱীয়ে। ভিডিওটো শ্বেয়াৰ কৰাৰ পিছতে বিভিন্নজন চেলিব্ৰিটিয়ে মন্তব্য কৰা দেখা গৈছে তাৰ ভিতৰত আছে জাহ্নৱীৰ জ্যেষ্ঠ ভাতৃ অৰ্জুন কাপুৰো। জাহ্নৱীয়ে পোষ্ট কৰোতে লিখা ‘আপোনালোকে ভাবে নে কি যে মই আচলতে কাৰোবাৰ সহায় লোৱা উচিত?’ প্ৰশ্নৰ উত্তৰত অৰ্জুনে লিখিছে ‘হয়’, লগতে তেওঁ নীৰৱে থকাৰ ইম’জি এটাও দিছে।
ধেমেলীয়া ভিডিওটোৱে এই পৰ্যন্ত যথেষ্ট ভিউজ পাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|