• Home
  • »
  • News
  • »
  • mumbai
  • »
  • Cyclone Tauktae : ঘূৰ্ণিবতাহ তাউতিয়ে কেৰালাত প্ৰাণ ল’লে দুজনৰ। গুজৰাট-মহাৰাষ্ট্ৰটো আতংক।

Cyclone Tauktae : ঘূৰ্ণিবতাহ তাউতিয়ে কেৰালাত প্ৰাণ ল’লে দুজনৰ। গুজৰাট-মহাৰাষ্ট্ৰটো আতংক।

নিহত লোক দুজন কেৰালাৰ এৰণাকুলাম আৰু কোঝিকোড়ে জিলাৰ। কেৰালাত নিশাৰ পৰাই তাউতিৰ প্ৰভাৱত হৈ আছে প্ৰচণ্ড ধুমুহা-বৰষুণ।

  • Share this:
ঘূৰ্ণিবতাহ তাউতিয়ে কেৰালাত প্ৰাণ ল’লে দুজনৰ। তাউতিৰ প্ৰভাৱত হোৱা প্ৰবল ধুমুহা-বৰষুণৰ ফলত মৃত্যু মু্খত পৰে লোক দুজন।

নিহত লোক দুজন কেৰালাৰ এৰণাকুলাম আৰু কোঝিকোড়ে জিলাৰ। কেৰালাত নিশাৰ পৰাই তাউতিৰ প্ৰভাৱত হৈ আছে প্ৰচণ্ড ধুমুহা-বৰষুণ।

আনহাতে মহাৰাষ্ট্ৰত আজি এই ভয়ংকৰ ঘূৰ্ণি বতাহৰ ফলত প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে মহাৰাষ্ট্ৰৰ উপকূলীয় এলেকাত বতৰ ডাৱৰীয়া হৈ আছে ৰাতিৰ পৰাই বিভিন্ন স্থানত বৰষুণ হৈছে।

বতৰ বিজ্ঞান বিভাগৰ মতে, ১৬ৰ পৰা ১৮ মে'ৰ ভিতৰত তাউতিৰ (Tauktae) ধুমুহাই অতি চৰম ৰূপ ল'ব পাৰে। ঘূৰ্ণিবতাহে ১৮ মে'ৰ দুপৰীয়া গুজৰাটৰ উপকূল স্পৰ্শ কৰিব।

বতৰ বিজ্ঞান বিভাগে পশ্চিম মহাৰাষ্ট্ৰত, কোলাপুৰ আৰু ছাটাৰা অঞ্চলত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

গুজৰাটত তাউতিৰ ফলত সৌৰাষ্ট্ৰ, কচ্চ, আৰু দিউ, গিৰ সোমনাথ, জুনাগড়, পোৰবন্তদৰ, দেৱভূমি দ্বাৰকা, আমৰেলি, ৰাজকোট আৰু জামনগৰত প্ৰবল বৰষুণ আৰু ধুমুহাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে।
Published by:Manjumoni Borah
First published: