মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা, কৰ্ণাটক আৰু গোৱাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ আলোচনা। সাজু হৈ আছে এ ডি আৰ এফ (NDRF)ৰ ১০০ৰ অধিক দল। ডেৰ লাখৰো অধিক লোকক গুজৰাটৰ উপকুলীয় এলেকাৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ।

ঘূৰ্ণী বতাহ তাউতেৰ তাণ্ডৱত কৰ্ণাটকত ৬ জনৰ মৃত্যু। তাউতেৰ প্ৰভাৱত হোৱা প্ৰচণ্ড বৰষুণ আৰু ধুমুহাত গছ-গছনি ঘৰ-দুৱাৰ ভাগি মৃত্যু হৈছে এই লোকসকলৰ। শেহতীয়া তথ্য মতে কৰ্ণাটকত শতাধিক ঘৰ বিধ্ৱস্ত হোৱাৰ লগতে প্ৰায় ৮০ খন নাও ধ্ৱংস হৈছে।
ইপিনে তাউতেৰ পৰা বাচিবলৈ গুজৰাটট সোমবাৰ আৰু মঙলবাৰে কোৰোণা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী বন্ধ ৰাখিছে। ডেৰ লাখৰো অধিক লোকক গুজ ৰাটৰ উপকুলীয় এলেকাৰ পৰা নিৰাপদ স্থানলৈ নিয়া হৈছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে আগন্তুক ২৪ ঘণ্টাত অধিক ধ্ৱংসাত্মক হ'ব পাৰে এই ঘূৰ্ণি বতাহ। ইতিমধ্যে কেৰালা, কৰ্ণাটক আৰু গোৱাত তাউতেই তাণ্ডৱ চলাইছে।
১৮ মে'ত ঘূৰ্ণী তাউতেই গুজৰাটৰ উপকুলীয় জিলা পোৰবন্দৰ আৰু নালীয়াত খুন্দা মৰাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা, কৰ্ণাটক আৰু গোৱাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিছে। যি কোনো পৰিস্থিতিৰ বাবে সাজু হৈ আছে এ ডি আৰ এফ (NDRF)ৰ ১০০ৰ অধিক দল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|