• Home
  • »
  • News
  • »
  • mumbai
  • »
  • Cyclone Tauktae : ঘূৰ্ণিবতাহ তাউতিৰ আতংকত মহাৰাষ্ট্ৰ-গুজৰাট। মুম্বাইত প্ৰায় ৬০০ কোভিড ৰোগীক নিৰাপদ স্থানলৈ স্থানান্তৰ। সাজু বায়ু সেনাও।

Cyclone Tauktae : ঘূৰ্ণিবতাহ তাউতিৰ আতংকত মহাৰাষ্ট্ৰ-গুজৰাট। মুম্বাইত প্ৰায় ৬০০ কোভিড ৰোগীক নিৰাপদ স্থানলৈ স্থানান্তৰ। সাজু বায়ু সেনাও।

মহাৰাষ্ট্ৰত আজি তাউতি (Tauktae)ৰ প্ৰভাৱত প্ৰবল বৃষ্টিপাতৰ আশংকা। ১৮ মে'ৰ দুপৰীয়া গুজৰাটৰ উপকূল স্পৰ্শ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহায্য আৰু উদ্ধাৰৰ বাবে সাজু থাকিবলৈ দিছে নিৰ্দেশ।

  • Share this:
আহি আছে ঘূৰ্ণিবতাহ তাউতি (Tauktae)। তাউতিৰ তাণ্ডৱৰ আতংকত মহাৰাষ্ট্ৰ (maharashtra) আৰু গুজৰাট (Gujrat)। মহাৰাষ্ট্ৰত আজি এই ভয়ংকৰ ঘূৰ্ণি বতাহৰ ফলত প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে মহাৰাষ্ট্ৰৰ উপকূলীয় এলেকাত বতৰ ডাৱৰীয়া হৈ আছে ৰাতিৰ পৰাই বিভিন্ন স্থানত বৰষুণ হৈছে।

তাউতিৰ প্ৰকোপৰ পৰা বাচিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰিছে সাৱধানতামূলক ব্যৱস্থা।মুম্বাইত ইতিমধ্যে প্ৰায় ৬০০ কোভিড ৰোগীক নিৰাপদ স্থানৰ কোভিড হাস্পতাললৈ স্থানান্তৰ কৰিছে প্ৰশাসনে।

তাউতিৰ তাণ্ডৱৰ পৰা হ'ব পৰা যি কোনো দুৰ্যোগৰ বাবে সাজু হৈ আছে বায়ু সেনাৰ ১৮খন হেলিকপ্টাৰ আৰু ১৬খন পৰিবহণ বিমান। তদুপৰি উপকূলীয় এলেকাত কোভিড ৰোগীৰ নিৰাপত্তাক লৈও সাজু হৈ আছে বায়ুসেনা।

বতৰ বিজ্ঞান বিভাগৰ মতে, ১৬ৰ পৰা ১৮ মে'ৰ ভিতৰত তাউতিৰ (Tauktae) ধুমুহাই অতি চৰম ৰূপ ল'ব পাৰে। ঘূৰ্ণিবতাহে ১৮ মে'ৰ দুপৰীয়া গুজৰাটৰ উপকূল স্পৰ্শ কৰিব। উক্ত সময়ছোৱাত টাউক্টেৰ গতিবেগ হ'ব প্ৰতিঘণ্টাত ১৭৫ কিলোমিটাৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধুমুহা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ  বৈঠক অনুষ্ঠিত কৰি বিষয়াসকলক সাহায্য আৰু উদ্ধাৰৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিছে। ধুমুহাই স্পৰ্শ কৰিব পৰা লোকসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ বাবে সকলো পদক্ষেপ ল'বলৈ কৈছে৷ বিদ্যুৎ, দূৰসংযোগ, স্বাস্থ্য, খোৱা পানীৰ দৰে অত্যাৱশ্যকীয় সেৱা নিশ্চিত কৰিবলৈও তেওঁ লগতে নিৰ্দেশ দিছে।

পশ্চিম ৰে'লৱেই ধুমুহাৰ বাবে কেইবাখনো ৰে'ল বাতিল কৰিছে।

উল্লেখ্য, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে ঘূৰ্ণিবতাহৰ পৰিপ্ৰেক্ষিতত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে দলৰ সংখ্যা ৫৩ৰ পৰা ১০০ লৈ বৃদ্ধি কৰিছে।
Published by:Manjumoni Borah
First published: