Cyclone Tauktae : তাউতেৰ তাণ্ডৱ অব্যাহত। নিশা গুজৰাট উপকূলত তাউতেই মাৰিলে খুন্দা। মুম্বাই উপকূলত ১২৭ জন সন্ধানহীন।

News18 Assam | News18-Assam
Updated:May 18, 2021, 8:55 AM IST
Cyclone Tauktae : তাউতেৰ তাণ্ডৱ অব্যাহত। নিশা গুজৰাট উপকূলত তাউতেই মাৰিলে খুন্দা। মুম্বাই উপকূলত ১২৭ জন সন্ধানহীন।
মুম্বাই হাইত সন্ধানহীন ২৭৩ জনৰ ১৪৬জনক উদ্ধাৰ। মুম্বাইত গছ-গছনি ভাঙি ২জন লোক নিহতৰ আশংকা। গুজৰাটত খুন্দা মৰাৰ পাছৰে পৰা তাউতেৰ শক্তি কমিছে : IMD

মুম্বাই হাইত সন্ধানহীন ২৭৩ জনৰ ১৪৬জনক উদ্ধাৰ। মুম্বাইত গছ-গছনি ভাঙি ২জন লোক নিহতৰ আশংকা। গুজৰাটত খুন্দা মৰাৰ পাছৰে পৰা তাউতেৰ শক্তি কমিছে : IMD

  • Share this:
সামুদ্ৰিক ঘূৰ্ণী তাউতে (Cyclone Tauktae )ৰ প্ৰভাৱত মুম্বাই হাইত ১২৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। ONGCৰ এখন বাৰ্জত কৰ্মৰত হৈ থকা লোক কেইজনৰ সন্ধানত অভিযান চলি আছে। সোমবাৰে এই বাৰ্জখন তাউতেৰ খুন্দাত দিশহাৰা হৈ পৰি মুঠ ২৭৩ জন লোক সন্ধানহীন হৈছিল। ইয়াৰে ১৪৬জনক উদ্ধাৰ কৰা হয় যদিও এতিয়াও ১২৭ জনৰ সন্ধান পোৱা নাই।

আনহাতে সোমবাৰে সন্ধিয়া মুম্বাইত তাউতেৰ প্ৰভাৱত হোৱা প্ৰবল বৰষুণ আৰু ধুমুহাৰ ফলত গছ-গছনি ভাঙি ২জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

মুম্বাইৰ পিছতে নিশা ৯ বজাৰ পিছত গুজৰাটত উপকূলৰ সৌৰাষ্ট্ৰৰ দিউ আৰু উনাৰ মাজত তাউতেই খুন্দা মাৰে। ফলত গুজৰাট উপকূলত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাই কোবাই যায়।

বতৰ বিজ্ঞান বিভাগে (IMD) জনোৱা মতে গুজৰাটত খুন্দা মৰাৰ পাছৰে পৰা তাউতেৰ শক্তি কমি অহা পৰিলক্ষিত হৈছে।
Published by: Manjumoni Borah
First published: May 18, 2021, 8:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি