Cyclone Tauktae : ঘূৰ্ণী বতাহ তাউতেৰ তাণ্ডৱত ৫ ৰাজ্যত ১১ জনৰ মৃত্যু। মুম্বাইত আৰম্ভ প্ৰবল বৰষুণ, গুজৰাটতো বেয়ালৈ গৈছে বতৰ।

News18 Assam | News18-Assam
Updated:May 17, 2021, 10:32 AM IST
Cyclone Tauktae : ঘূৰ্ণী বতাহ তাউতেৰ তাণ্ডৱত ৫ ৰাজ্যত ১১ জনৰ মৃত্যু। মুম্বাইত আৰম্ভ প্ৰবল বৰষুণ, গুজৰাটতো বেয়ালৈ গৈছে বতৰ।
বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমান বন্দৰ। বান্দ্ৰা-ৱৰ্লি সাগৰ লিংক ৰোড কৰি দিছে বন্ধ।

বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমান বন্দৰ। বান্দ্ৰা-ৱৰ্লি সাগৰ লিংক ৰোড কৰি দিছে বন্ধ।

  • Share this:
ঘূৰ্ণী বতাহ তাউতেৰ তাণ্ডৱত ৫ ৰাজ্যত ১১ জনৰ মৃত্যু হৈছে। কৰ্ণাটকতে ৬ জন লোকৰ মৃত্যু হৈছে এই প্ৰলয়ংকাৰী সামুদ্ৰিক ঘূৰ্ণীত। তাউতেৰ প্ৰভাৱত হোৱা প্ৰচণ্ড বৰষুণ আৰু ধুমুহাত গছ-গছনি পৰি, ঘৰ-দুৱাৰ ভাগি, বিদ্যুতৰ খুটা ভাগি মৃত্যু হৈছে এই লোকসকলৰ।

তাউতেৰ বাবে বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমান বন্দৰ। বান্দ্ৰা-ৱৰ্লি সাগৰ লিংক ৰোড কৰি দিছে বন্ধ।

দেওবাৰে নিশাৰ পৰাই তাউতেৰ প্ৰভাৱ পৰিছে মুম্বাইত। মুম্বাইত দেওবাৰে নিশা প্ৰায় ১১ বজাৰ পৰাই আৰম্ভ হৈছে প্ৰৱল বৰষুণ।

এইপিনে তাউতেৰ পৰা বাচিবলৈ ডেৰ লাখৰো অধিক লোকক গুজৰাটৰ উপকুলীয় এলেকাৰ পৰা নিৰাপদ স্থানলৈ নিয়া হৈছে। গুজৰাটট সোমবাৰ আৰু মঙলবাৰে কোৰোণা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী বন্ধ ৰাখিছে।



১৮ মে'ত ঘূৰ্ণী তাউতেই গুজৰাটৰ উপকুলীয় জিলা পোৰবন্দৰ আৰু নালীয়াত খুন্দা মৰাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে।

যি কোনো পৰিস্থিতিৰ বাবে ৭ জিলাত সাজু হৈ আছে এন ডি আৰ এফ (NDRF)ৰ ১০০ৰ অধিক দল। কেৱল গুজৰাটতে সাজু হৈ আছে ৫০ টা দল।
Published by: Manjumoni Borah
First published: May 17, 2021, 10:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি