• Home
  • »
  • News
  • »
  • mumbai
  • »
  • বিপদে লগ নেৰা হৈছে অভিনেত্ৰী কংগনা ৰাণাৱটৰ। এইবাৰ TMC নেতাই কংগনাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ।

বিপদে লগ নেৰা হৈছে অভিনেত্ৰী কংগনা ৰাণাৱটৰ। এইবাৰ TMC নেতাই কংগনাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ।

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ঋজু দত্তই কংগনা ৰাণাৱটৰ (Kangana Ranaut) বিৰুদ্ধে ছচিয়েল মিডিয়ৰ যোগেদি হেট স্পীচৰ জড়িয়তে হিংসাাক উচটনি দিয়া আৰু মমতা বেনাৰ্জীৰ (Mamata Banerjee) ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছে।

  • Share this:
ৱলীউডৰ (Bollywood)  অভিনেত্ৰী কংগনা ৰাণাৱটে (Kangana Ranaut) লাগ-বান্ধ নোহোৱাকৈ কৰা মন্তব্যৰ বাবে ক্ৰমে বিপদত পৰিব ধৰিছে। পশ্চিম বংগৰ নিৰ্বাচনক লৈ কৰা মন্ত্ব্যৰ পিছত পুনৰ বিপদত পৰিছে অভিনেত্ৰীগৰাকী।

তিনিদিন পূৰ্বে কলকাতাৰ এজন অধিবক্তাই কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল যত কংগনাৰ বিৰুদ্ধে সাম্প্ৰদায়িক সম্পীতি বিনষ্ট কৰাৰ অভিযোগ কৰা হৈছিল। এতিয়া কংগনাৰ বিৰুদ্ধে এজাহাৰ কৰিছে তৃণমূলল কংগ্ৰেছৰ নেতা ঋজু দত্তই। কলকাতাৰ উল্টাডাংগা থানাত কংগনাৰ বিৰুদ্ধে হেট স্পীচৰ অভিযোগ উত্তাপন কৰিছে।

ঋজু দত্তৰ অভিযোগ, "কংগনা ৰাণাৱটে (Kangana Ranaut) তেওঁৰ ছচিয়েল মিডিয়া একাউণ্টযোগে হিংসাক উচটনি দিয়া মন্তব্য কৰিছে আৰু লগতে মমতা বেনাৰ্জীৰ (Mamata Banerjee) ফটোও বিকৃত ৰূপত উপস্থাপন কৰিছে।"

ঋজু দত্তই নিজৰ টুইটাৰ একাউণ্টত এজাহাৰৰ এটা কপীৰ ফটো ৰাজহুৱা কৰি কংগনা ৰাণাৱটে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বহু আপত্তিজনক মন্তব্য কৰিছে বুলি অভিযোগ কৰে। কংগনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈও দাবী জনায় দত্তই।

উল্লেখ্য যে কিছুদিন পূৰ্বে টুইটাৰৰ নীতি বিৰুদ্ধ মন্তব্য কৰাৰ কাৰণে স্থায়ীভাৱে কংগনা ৰাণাৱটৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিছিল টুইটাৰ কৰ্তৃপক্ষই।
Published by:Manjumoni Borah
First published: