অসমৰ দুলিয়াজান নিবাসী চেলেষ্টি বৈৰাগী এতিয়া একপ্ৰকাৰ ইণ্টাৰনেট ছেনচেশ্যন হৈ পৰিছে। চেলেষ্টিয়ে এখন ফটো বা ভিডিঅ' দিলেই এতিয়া ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত। দ্বিতীয়গৰাকী আলিয়া হিচাপে ধৰা হয় চেলেষ্টীক। গাৰ বৰণ, ডিম্পল পৰা হাঁহি, মুখাবয়ব, চেলাউৰি সকলো আলিয়াৰ ভাট্টৰ দৰে হুবহু। যাৰ বাবে চেলেষ্টিৰ চৰ্চা সৰ্বত্ৰে।
এইবাৰ মায়ানগৰীত খলকনি তুলিবলৈ সাজু অসমৰ আলিয়া ভাট চেলেষ্টি বৈৰাগী। নিজৰ অভিনয়েৰে সদায় দৰ্শকৰ মন জয় কৰি আহিছে চেলেষ্টিয়ে। চেলেষ্টি হ'ব ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ মূখ্য নায়িকা। ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকখনৰ প্ৰ'মো অহাৰ লগে লগে উৎকণ্ঠা বাঢ়িছে দৰ্শকৰ মাজত। বৰ্তমান চেলেষ্টি ব্যস্ত ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ 'Udti Ka Naam Rajjo' ৰ ছুটিংত। ষ্টাৰ প্লাছে প্ৰ'মো মুকলি কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।
৮ আগষ্টৰ পৰা ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হ'ব 'Udti Ka Naam Rajjo' নামৰ ধাৰাবাহিক খন। এই ধাৰাবাহিকখনত এগৰাকী সাহসী ছোৱালীৰ চৰিত্ৰত দেখা যাব চেলেষ্টিক। এতিয়া অনুৰাগীসকলে অধিৰ আগ্ৰহেৰে বাট চাই আছে ধাৰাবাহিক খনত চেলেষ্টিৰ অভিনয় চাবলৈ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|