বিকি কৌশলৰ (Vicky Kaushal) সৈতে বিবাহৰ বাতৰিৰ মাজতে কেটৰিনা কাইফক (Katrina Kaif)ক আজি বান্দ্ৰাত দেখা গ'ল। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে মাস্কেৰে মুখ ঢাকি ৰখিছিল আৰু অনুৰাগীসকলক এৰাই চলিবলৈ চেষ্টা কৰা দেখা গৈছিল। ইয়াৰ পিছতে বিকি কৌশল (Vicky Kaushal at Katrina Kaif’s House)ক কেটৰিনাৰ ঘৰৰ বাহিৰত দেখা গৈছে। অভিনেতাগৰাকী কেটৰিনাৰ ঘৰত উপস্থিত হৈছিল আৰু তেওঁক এজন অনুৰাগীয়ে কেমেৰাত বন্দী কৰিছিল। তেতিয়া তেওঁ হাত জোকাৰি নিজৰ আনন্দ প্ৰকাশ কৰিছিল আৰু সংবাদ মাধ্যমক অভিবাদন জনাইছিল।
বিয়াৰ বাতৰিৰ মাজতে বিকি কৌশলৰ কেটৰিনাৰ ঘৰত উপস্থিত হোৱাটোৱে তাইৰ বিবাহৰ বাতৰিত আৰু অধিক মছলা ঢালি দিলে। পূৰ্বে যেতিয়া বিকি তেওঁৰ প্ৰেমিকা কেটৰিনাৰ ঘৰত উপস্থিত হৈছিল তেওঁ সংবাদ মাধ্যমৰ পৰা নিজকে লুকুৱাই ৰাখাৰ চেষ্টা কৰা দেখা গৈছিল। কিন্তু, এইবাৰ তেওঁ মুকলিকৈ তেওঁৰ আনন্দ প্ৰকাশ কৰা যেন লাগিছিল আৰু ফটোৰ বাবে পোজ দিছিল।
ইয়াৰ পূৰ্বে সন্ধিয়া ষ্টাইলিষ্ট অনিতা শ্ৰফক কেটৰিনাৰ ঘৰলৈ যোৱা দেখা গৈছিল। কেইবাবাৰো কেটৰিনাৰ ষ্টাইল কৰা অনিতাক কেটৰিনাৰ বান্দ্ৰাৰ ঘৰত উপস্থিত হোৱা দেখা গৈছিল। কেটৰিনাৰ ঘৰৰ বাহিৰত ফটোৰ বাবে অপেক্ষা কৰি থকা ফটোগ্ৰাফাৰসকলে সন্ধিয়া উপস্থিত হোৱা চেলিব্ৰিটী ষ্টাইলিষ্টগৰাকীক কেমেৰাত বন্দী কৰিছিল। অনুমান কৰা হৈছে অহা সপ্তাহৰ চৰ্চিত বিবাহৰ বাবেই অনিতাৰ এই ভ্ৰমণ।
উল্লেখ্য যে কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়া দীৰ্ঘদিন ধৰি চৰ্চাত আছে। অৱশ্যে এতিয়ালৈকে দুয়োজন তাৰকাই বিষয়টোত নীৰৱতা অৱলম্বন কৰি আছে। অৱশ্যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৭ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত ৰাজস্থানৰ চৱাই মাধোপুৰৰ ছিক্সথ ছেন্সেছ ফৰ্ট বৰৱাৰাত বিবাহ পাশত আৱদ্ধ হ'বলৈ সাজু হৈছে বিকি কৌশল আৰু কেটৰিনা কাইফ। দুয়োজন আইনী বিবাহৰ বিষয়েও চৰ্চা চলি আছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|