• Home
  • »
  • News
  • »
  • mumbai
  • »
  • Javed Akhtar : RSSক তালিবানৰ সৈতে তুলনা কৰি বিপদত বলীউডৰ বিখ্যাত গীতিকাৰ জাভেদ আখটাৰ ! BJP কৰ্মীৰ তীব্ৰ প্ৰতিবাদ...

Javed Akhtar : RSSক তালিবানৰ সৈতে তুলনা কৰি বিপদত বলীউডৰ বিখ্যাত গীতিকাৰ জাভেদ আখটাৰ ! BJP কৰ্মীৰ তীব্ৰ প্ৰতিবাদ...

বিজেপি (BJP)ৰ কৰ্মীসকলে শনিবাৰে হাতে হাতে প্লেকাৰ্ড লৈ জাভেদ আখতাৰ (Javed Akhtar)ৰ মুম্বাইৰ জুহুস্থিত বাসগৃহৰ বাহিৰত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে তেওঁৰ ঘৰৰ বাহিৰত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয়।

  • Share this:
বিতৰ্কত সাঙোৰ খাই পৰিছে বলীউডৰ প্ৰবীণ গীতিকাৰ, কবি আৰু চিত্ৰনাট্যকাৰ জাভেদ আখতাৰ (Javed Akhtar)। তেওঁ অলপতে NDTVৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক (RSS) তালিবান (Taliban))ৰ সৈতে তুলনা কৰিছিল। সাক্ষাৎকাৰটোত আখটাৰে কৈছিল যে RSS, VHP, বজৰং দল আৰু তালিবানৰ দৰে সংগঠনৰ লক্ষ্যৰ মাজত কোনো পাৰ্থক্য নাই । বিজেপিয়ে তেওঁৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে। বিজেপি (BJP)ৰ কৰ্মীসকলে শনিবাৰে হাতে হাতে প্লেকাৰ্ড লৈ মুম্বাইৰ জাভেদ আখতাৰ (Javed Akhtar)ৰ জুহুস্থিত বাসগৃহৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে তেওঁৰ ঘৰৰ বাহিৰত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

গীতিকাৰ আখতাৰে কৈছিল যে গোটেই পৃথিৱীত এটা সোঁপন্থী আছে। দেশখনত সংখ্যালঘু জনতাক প্ৰহাৰ কৰাৰ সন্দৰ্ভত তেওঁ কৈছিল, 'তালিবান হোৱাৰ বাবে এইটো এটা সম্পূৰ্ণ পোছাকী ৰিহাৰ্চেল। এই মানুহবোৰে সেই একেটা কামকে কৰি আছে। এইবোৰ একে ধৰণৰে  মানুহ, দুয়োটাৰ মাজত কেৱল নামৰহে পাৰ্থক্য আছে। ভাৰতীয় সংবিধানে এওঁলোকৰ পথত বাধা দি থিয় হৈ আছে, কিন্তু যদি তেওঁলোকে সুযোগ পায়, তেন্তে তেওঁলোকে সাংবিধানিক সীমা অতিক্ৰম কৰিবলৈ বেছি সময় নলগাব।' আখতাৰে তালিবানৰ ক্ষমতা দখলৰ সময়ত একাংশ মুছলমানে আনন্দ প্ৰকাশ কৰা কাৰ্যকো সমালোচনা কৰে। তেওঁ কয়, 'দুয়োটাৰেই মানসিকতা একেই।'

জাভেদ আখতাৰে RSS, VHP, আৰু বজৰং দলৰ দৰে সমৰ্থনকাৰী সংগঠনবোৰক আত্মনিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ কয়, "তালিবানসকল বৰ্বৰ, কিন্তু আপোনালোকে যাক সমৰ্থন কৰিছে তেওঁলোক আৰু তালিবানৰ মাজত পাৰ্থক্য কি? বৰ্তমান তেওঁলোকৰ ভেটি শক্তিশালী হৈ আছে আৰু তেওঁলোকে নিজৰ লক্ষ্যৰ দিশে আগুৱাইছে। আচলতে দুয়োটাৰে মানসিকতা একেই।'

'পৃথিৱীৰ সকলো সোঁপন্থী একেই'

আখতাৰে পৃথিৱীৰ সকলো সোঁপন্থীক  সমান বুলি মন্তব্য কৰি কয়, "পৃথিৱীৰ সকলো সোঁপন্থী, সেয়া লাগে খ্ৰীষ্টান, মুছলমান  বা হিন্দু সোঁপন্থীয়েই হওক, সকলোৰে মাজত সাদৃশ্য আছে। তালিবানে এখন ইছলামিক দেশ সৃষ্টি কৰিব বিচাৰে। এওঁলোকে এখন হিন্দু ৰাষ্ট্ৰ গঢ়িব বিচাৰে। তেওঁলোকে কয়, যিসকলৰ পৰম্পৰা পৃথক তেওঁলোকক গ্ৰহণ কৰা নহ'ব। এই মানুহবোৰেও বিচাৰে যে, ল'ৰা আৰু ছোৱালী একেলগে পাৰ্কলৈ নাযাওক। দুটাৰ মাজত এটাই পাৰ্থক্য, এওঁলোক বৰ্তমান তালিবানৰ দৰে শক্তিশালী হৈ উঠা নাই কিন্তু তালিবনৰ যি উদ্দেশ্য, সেই একেই উদ্দেশ্য এওঁলোকৰো।"
Published by:Manjumoni Borah
First published: