• Home
  • »
  • News
  • »
  • mumbai
  • »
  • Janhvi Kapoor Boyfriend Akshat Rajan: 'আই লাভ ইউ' বুলি জাহ্নৱী কাপুৰে কৰিলে প্ৰেম স্বীকাৰ, কোন সেইজন ভাগ্যৱান

Janhvi Kapoor Boyfriend Akshat Rajan: 'আই লাভ ইউ' বুলি জাহ্নৱী কাপুৰে কৰিলে প্ৰেম স্বীকাৰ, কোন সেইজন ভাগ্যৱান

জাহ্নৱীৰ বাৰ্তা (Janhvi Kapoor Boyfriend Akshat Rajan) ইনষ্টাগ্ৰামত প্ৰেমিক অক্ষত ৰাজনৰ (Akshat Rajan) সৈতে ফটো শ্বেয়াৰ কৰাটোৱে তাইৰ মনটো স্পষ্ট কৰি তুলিছে।

জাহ্নৱীৰ বাৰ্তা (Janhvi Kapoor Boyfriend Akshat Rajan) ইনষ্টাগ্ৰামত প্ৰেমিক অক্ষত ৰাজনৰ (Akshat Rajan) সৈতে ফটো শ্বেয়াৰ কৰাটোৱে তাইৰ মনটো স্পষ্ট কৰি তুলিছে।

জাহ্নৱীৰ বাৰ্তা (Janhvi Kapoor Boyfriend Akshat Rajan) ইনষ্টাগ্ৰামত প্ৰেমিক অক্ষত ৰাজনৰ (Akshat Rajan) সৈতে ফটো শ্বেয়াৰ কৰাটোৱে তাইৰ মনটো স্পষ্ট কৰি তুলিছে।

  • Share this:
কিছু সময়ৰ পৰা প্ৰেমত পৰিছে বুলি উৰাবাতৰি ওলাই আছিল। অৱশ্যে প্ৰেমিক যে বলীউড ইণ্ডাষ্ট্ৰীৰ নহয় তাৰো ইংগিত পোৱা গৈছিল। অৱশেষত এই অনুমানটোৱেই সত্য প্ৰমাণিত হ'ল। অভিনেত্ৰী জাহ্নৱী কাপুৰে (Janhvi Kapoor) এইবাৰ অনুৰাগীসকলৰ ওচৰত তেওঁ প্ৰেমত পৰাৰ কথা স্বীকাৰ কৰিছে। জাহ্নৱীয়ে ইনষ্টাগ্ৰামত প্ৰেমিক অক্ষত ৰাজনৰ সৈতে তোলা এখন ফটো শ্বেয়াৰ কৰা কথাই তেওঁৰ  মনৰ ভাৱ স্পষ্ট কৰি তুলিছে (Janhvi Kapoor Boyfriend Akshat Rajan)।

জাহ্নৱীয়ে (Janhvi Kapoor Boyfriend Akshat Rajan) বগা সাজ পৰিধান কৰি তেওঁৰ প্ৰেমিক অক্ষতৰ কান্ধত কান্ধ থৈ তোলা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। এই পোষ্টটো জাহ্নৱীয়ে (Janhvi Kapoor) অক্ষতৰ জন্মদিন উপলক্ষে  শ্বেয়াৰ কৰিছিল। তাত তেওঁ লিখিছে, 'পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মানুহজনলৈ জন্মদিনৰ শুভেচ্ছা। মই তোমাক ভাল পাওঁ।" জাহ্নৱীৰ এই পোষ্টটোৱে অনুৰাগীসকলৰ দৃষ্টি ভালদৰেই আকৰ্ষণ কৰিছে। অভিনেত্ৰীগৰাকীয়ে অৱশেষত প্ৰেমিক অক্ষত (Akshat Rajan)ৰ সৈতে গঢ়ি উঠা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে।

জাহ্নৱীৰ পোষ্ট

জাহ্নৱীয়ে বলীউডত খোজ পেলোৱা সময়ৰে পৰা অক্ষত (Akshat Rajan)ৰ সৈতে থকা সম্পৰ্কৰ কথা চৰ্চাত আছিল। অক্ষতে ২০১৮ চনৰ ৬ মাৰ্চত এটা পোষ্টত জাহ্নৱীৰ জন্মদিনত এখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছিল। সেই সময়ৰ পৰা জাহ্নৱী আৰু অক্ষতৰ প্ৰেমক লৈ আৰু জল্পনা-কল্পনা চলি আছিল। তাতে অক্ষতে শুভ জন্মদিন লিখিছিল আৰু ফটোখনত এটা ৰঙা হাৰ্ট ইমোজি দিছিল। ইয়াৰ উত্তৰত জাহ্নৱীয়ে লিখিছিল, 'Ily'। অৰ্থাৎ I Love You-ৰ চমু ৰূপ।

অক্ষত ৰাজন ভাৰতীয় উদ্যোগপতি আৰু ব্যৱসায়ী অভিজিত ৰাজন (Abhijit Rajan)ৰ পুত্ৰ। অভিজিত গেমন ইণ্ডিয়া প্ৰাইভেট লিমিটেড (Gamon India  Pvt Ltd)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। কিন্তু জাহ্নৱীয়ে কেতিয়াও অক্ষতৰ সৈতে থকা তাইৰ প্ৰেমৰ বিষয়ে সংবাদ মাধ্যমৰ আগত মুখ খোলা নাছিল। তেওঁ সদায় নিজকে অক্ষত ৰাজনৰ শৈশৱৰ বন্ধু বুলি কৈ আহিছে। জাহ্নৱীয়ে আনকি পাপাৰাজ্জিৰ আতংকত অক্ষতক লগ কৰিবলৈও ভয় কৰিছিল বুলি কৈছিল। বৰ্তমান জাহ্নৱী দোস্তানা-২ আৰু গুড লাক জেৰী নামৰ দুখন ফিল্মৰ কামত ব্যস্ত।
Published by:Manjumoni Borah
First published: