Tiger Shroff : টাইগাৰ শ্ৰফে ২০১৪ চনত ছবি 'হিৰোপান্তি'ৰ সৈতে আত্মপ্ৰকাশ কৰিছিল। অভিনেতাজনে তেতিয়াৰ পৰা 'বাগী' আৰু 'ৱাৰ'কে ধৰি কেইবাখনো হিট ছবিত অভিনয় কৰিছে। টাইগাৰৰ কিছুমান আন প্ৰকল্পও পাইপলাইনত আছে। ইয়াৰ ভিতৰত আছে 'হিৰোপান্তি ২' আৰু 'গণপথ'।
Tiger Shroff : টাইগাৰ শ্ৰফে ২০১৪ চনত ছবি 'হিৰোপান্তি'ৰ সৈতে আত্মপ্ৰকাশ কৰিছিল। অভিনেতাজনে তেতিয়াৰ পৰা 'বাগী' আৰু 'ৱাৰ'কে ধৰি কেইবাখনো হিট ছবিত অভিনয় কৰিছে। টাইগাৰৰ কিছুমান আন প্ৰকল্পও পাইপলাইনত আছে। ইয়াৰ ভিতৰত আছে 'হিৰোপান্তি ২' আৰু 'গণপথ'।
বলীউডৰ অভিনেতা জেকি শ্ৰফে (Jackie Shroff) তেওঁৰ পুত্ৰ টাইগাৰ শ্ৰফ (Tiger Shroff)ৰ চেহেৰাক লৈ সমালোচনা কৰা ট্ৰ'লাৰসকলক ভালকৈয়ে এশিকনি দিলে। বহুদিন ধৰি টাইগাৰক সামাজিক মাধ্যমত তেওঁৰ চেহেৰাৰ বাবে ট্ৰ'ল কৰা হৈ আছে। কিছুমান ট্ৰ'লত আনকি টাইগাৰক কৰীণা কাপুৰ খানৰ (Kareena Kapoor Khan) সৈতে তুলনা কৰিছিল। এটা সাক্ষাৎকাৰত জেকি শ্ৰফে এনে ট্ৰ'লৰ তীব্ৰ প্ৰত্যুত্তৰ দি কয় যে টাইগাৰ কেৱল তেওঁৰ পুত্ৰ হোৱাৰ বাবেই কোনেও আশা কৰিব নোৱাৰে যে তেওঁ দাঢ়িৰ সৈতে জন্ম গ্ৰহণ কৰিব।
লীডিং ডেইলীৰ (Leading Daily) সৈতে হোৱা এক সাক্ষাতকাৰত জেকি শ্ৰফে (Jackie Shroff) কয়, 'টাইগাৰ এতিয়া ডেকা হৈছে, সি এতিয়াও গ্ৰ' কৰি আছে। সি এতিয়াও সৰু হৈয়েই আছে আৰু নিজৰ কৰ্ম ক্ষেত্ৰত আগবাঢ়িছে । লগতে মই সুখী যে টাইগাৰ দেখাত মানুহে আশা কৰাৰ ধৰণে নহয়। মানে জেকিৰ সন্তান হ'ল বুলিয়েই কি সি দাঢ়ীৰ সৈতে জন্ম হ'ব লাগিছিল নেকি?' টাইগাৰক কৰীণাৰ সৈতে তুলনা কৰাত অসন্তুষ্টি ব্যক্ত কৰে জেকি দাদাই।
জেকিয়ে আৰু কয় যে আপুনি সেই ট্ৰ'ল আৰু মিমবোৰত তেওঁৰ (টাইগাৰ) উত্তৰ বোৰ চোৱা উচিত। এইবোৰক টাইগাৰে গুৰুত্ব নিদিয়ে। তেওঁ তেওঁৰ কামটো ভালদৰে জানে, সেয়েহে তেওঁ জানিছিল যে যেতিয়া তেওঁ পৰ্দাত একচন কৰে বা নৃত্য কৰে, তেতিয়া তেওঁক টাইগাৰৰ দৰে দেখায়। যেতিয়া কোনোবাই একচনত ভাল হয় তেতিয়া তেওঁৰ বাবে ভাল নৃত্য কৰাটো কঠিন হৈ পৰে। কিন্তু টাইগাৰে দুয়োটা কাম ভালদৰে কৰে, নৃত্য আৰু একচনো কৰে।
টাইগাৰ শ্ৰফে (Tiger Shroff) আৰবাজ খানৰ টক শ্ব' পিঞ্চত উপস্থিত হোৱাৰ সময়ত টাইগাৰে সন্মুখীন কৰা সমালোচনাৰ বিষয়েও মন্তব্য কৰিছিল। টাইগাৰে অনুষ্ঠানটোত কৈছিল, "আগতে মোৰ চেহেৰাৰ বাবে মোক বহুত ট্ৰ'ল কৰা হৈছিল। মানুহে কৈছিল যে তেওঁ এজন নায়ক নে নায়িকা? তেওঁক জেকি দাদা পুত্ৰৰ দৰে একেবাৰে দেখা নাযায়। এইটো মোৰ শক্তিৰ সৈতে মোকাবিলৈ কৰিবলৈ ইচ্ছাকৃতভাৱে লোৱা এক পদক্ষেপ আছিল।
টাইগাৰ শ্ৰফে ২০১৪ চনত ছবি 'হিৰোপান্তি'ৰ সৈতে আত্মপ্ৰকাশ কৰিছিল। অভিনেতাজনে তেতিয়াৰ পৰা 'বাগী' আৰু 'ৱাৰ'কে ধৰি কেইবাখনো হিট ছবিত অভিনয় কৰিছে। টাইগাৰৰ কিছুমান আন প্ৰকল্পও পাইপলাইনত আছে। ইয়াৰ ভিতৰত আছে 'হিৰোপান্তি ২' আৰু 'গণপথ'।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|