সুখবৰ দিলে কমেডী কুইন অভিনেত্ৰী ভাৰতী সিং (Comedy Queen Bharti Singh) আৰু হৰ্ষ লিম্বাচিয়া (Harsh Limbachiaa)ই । মাক হ'বলৈ ওলাইছে ভাৰতী সিং (Bharti Singh pregnancy) । 'মই মাক হ'বলৈ ওলাইছোঁ', ভাৰতী আৰু হৰ্ষে ছচিয়েল মিডিয়াত এটা ভিডিঅ'ৰ জৰিয়তে এই কথা অৱগত কৰে। ভাৰতীয়ে ভিডিঅ'টো তেওঁৰ ইউটিউব চেনেল 'এলঅ'এল লাইফ অফ লিম্বাচিয়া' (LOL Life of Limbachiaa) আৰু তাইৰ ইনষ্টাগ্ৰাম হেণ্ডেল (Instagram Handle)ত শ্বেয়াৰ কৰিছ।
সেই ভিডিঅ'টিও বেছ মজা করেই দর্শকদের সামনে তুলে ধরছেনে কৌতুকশিল্পী জুটি। ভিডিওয় দেখা যাচ্ছে, বাথরুমে প্রেগনেন্সি টেস্ট করছেন ভারতী। কৌতুকশিল্পী জানান, গত ছয় মাস ধরে ক্যামেরা অন করে তিনি প্রেগনেন্সি টেস্ট করছেন, যাতে দর্শকদের প্রথমেই আনন্দের খবর দিতে পারেন। এসব কথা বলতে বলতেই তিনি দেখেন, তাঁর টেস্ট রিপোর্ট পজিটিভ। অর্থাৎ তিনি মা হতে চলেছেন।
ভিডিঅ'টো বৰ ধেমেলীয়াকৈ দৰ্শকৰ আগত উপস্থাপন কৰিছে কৌতুক অভিনেতা যুটিটোৱেও । ভিডিঅ'টোত ভাৰতীয়ে বাথৰুমত কৌমুদত বহি গৰ্ভধাৰণ পৰীক্ষা কৰা দেখা গৈছে। কৌতুক অভিনেত্ৰীগৰাকীয়ে কৈছে যে তেওঁ যোৱা ছয় মাহ ধৰি কেমেৰা অন কৰি এই গৰ্ভধাৰণৰ পৰীক্ষা কৰি আহিছিল যাতে তেওঁ দৰ্শকসকলক প্ৰথম সুখবৰটো দিব পাৰে। তেওঁ এই কথা কৈ থাকোঁতেই, তেওঁ দেখিলে যে তেওঁৰ টেষ্ট ৰিপৰ্ট পজিটিভ আহিছে।
এইটোও পঢ়ক : বিৰাট কোহলীয়ে বিবাহ বাৰ্ষিকীত অনুষ্কা আৰু ভামিকাৰ সৈতে শ্বেয়াৰ কৰিলে ফটো, লিখিলে সুন্দৰ শিৰোনাম ...
ভাৰতী (Bharti Singh) লগে লগে তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াক সুখবৰটো জনাবলৈ দৌৰি যায়। হৰ্ষ তেতিয়া শুই আছিল। ভাৰতীয়ে হৰ্ষক টোপনিৰ পৰা উঠোৱাৰ আগতে আনন্দতে কিছু সময় নাচি লয়। ভাৰতীয়ে কেমেৰাৰ ফালে চাই কমেডী কৰি কয় যে , "মই কেনেকৈ ক'ম যে এয়া তেওঁ (হৰ্ষ)ৰ সন্তান নহয়!...এয়া আমাৰ দুয়োৰে সন্তান।" হৰ্ষই তেনেতে সাৰ পাইছিল আৰু তেওঁক সুখবৰটো জনোৱাৰ লগে লগে ভাৰতীক সাৱটি ধৰিছিল। তেওঁ সমগ্ৰ ভিডিঅ'টো ৰেকৰ্ডিং কৰাৰ বাবে ভাৰতীক ধন্যবাদ জনাইছিল। আৰু কেমেৰাৰ সন্মুখত হৰ্ষই ক'লে, 'আমি মাতৃ হ'বলৈ গৈ আছোঁ।" হৰ্ষৰ কথাত লগে লগে ভাৰতীয়ে বাধা দিয়াত হৰ্ষই ভুলটো বুজিব পাৰিলে আৰু লগে লগে এইবুলি ক'লে, "ভাৰতী মা আৰু মই পিতৃ হ'বলৈ ওলাইছোঁ। আমাৰ সন্তান আহি আছে।"
এইটোও পঢ়ক : Sunny Leone Viral Video : হঠাৎ মাজৰাতি ৰাজপথত লুঙী পিন্ধি নাচিবলৈ লাগিল ছানী লিওনী, তুমুল Viral Video
খবৰটো পোৱাৰ লগে লগে নেটিজেন আৰু তেওঁলোকৰ অনুৰাগীসকলে ভাৰতী আৰু হৰ্ষক শুভেচ্ছা জনাইছে। ভাৰতী (Bharti Singh) ২০১৭ চনৰ ৩ ডিচেম্বৰ তাৰিখে, লেখক আৰু কৌতুক অভিনেতা হৰ্ষ লিম্বচিয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু এটা সময়ত দুয়ো বিতৰ্কত সাঙোৰ খাই পৰিছিল। ২০২০ চনৰ ২১ নৱেম্বৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ অনুসন্ধানত দুয়োজনৰ পৰা ৮৬.৫ গ্ৰাম ওজনৰ গাঁজা উদ্ধাৰ কৰিছিল। তেওঁলোকক জেৰাৰ পিছত গ্ৰেপ্তাৰো কৰা হৈছিল। কিন্তু দুদিন পিছত দুয়োকে জামিনত মুক্তি দিয়া হৈছিল।
Read all
News in Assamese ,
Assam News Today ,
Entertainment News in Assamese ,
Business News in Assamese ,
Sports News in Assamese ,
Health News in Assamese ,
India News in Assamese Published by: Manjumoni Borah
First published: December 12, 2021, 20:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|