Covid 19 in india : শিল্পা ছেট্টীৰ এবছৰীয়া কন্যা সমীষাসহ পৰিয়ালৰ সকলো কোৰোণাত আক্ৰান্ত। শিল্পা ছেট্টীৰ ৰিপ'ৰ্ট কি?

News18 Assam | News18-Assam
Updated:May 7, 2021, 5:14 PM IST
Covid 19 in india : শিল্পা ছেট্টীৰ এবছৰীয়া কন্যা সমীষাসহ পৰিয়ালৰ সকলো কোৰোণাত আক্ৰান্ত। শিল্পা ছেট্টীৰ ৰিপ'ৰ্ট কি?
অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰাৰ (Shilpa Shetty Kundra) গোটেই পৰিয়াল কোৰোণা ভাইৰাছৰ (Coronavirus) গ্ৰাসত। ছচিয়েল মিডিয়াযোগে শিল্পাই জনালে, যোৱা ১০ দিন কঠিন সময়ৰ মাজেৰে পাৰ কৰিছে পৰিয়ালটোৱে।

অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰাৰ (Shilpa Shetty Kundra) গোটেই পৰিয়াল কোৰোণা ভাইৰাছৰ (Coronavirus) গ্ৰাসত। ছচিয়েল মিডিয়াযোগে শিল্পাই জনালে, যোৱা ১০ দিন কঠিন সময়ৰ মাজেৰে পাৰ কৰিছে পৰিয়ালটোৱে।

  • Share this:
বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰাৰ (Shilpa Shetty Kundra) গোটেই পৰিয়ালটোৱেই কোৰোণাত (Coronavirus) আক্ৰান্ত হোৱ বাতৰিয়ে কঁপাই তুলিছে মায়ানগৰী। কোৰোণাত আক্ৰান্ত হৈছে শিল্পাৰ ১ বছৰীয়া কন্যা সমীষাও (Samisha)।

ছচিয়েল মিডিয়াযোগে শিল্পাই জনোৱে মতে যোৱা ১০ দিন ধৰি পৰিয়লটোৱে কোৰোণাৰ সৈতে যুঁজি আছে। প্ৰথমেই অভিনেত্ৰগৰাকীৰ শহুৰ-শাহু কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত দুই সন্তান সমীষা আৰু ভিভান কোৰোণাত আক্ৰান্ত হয়। তাৰ পিছতে শিল্পা ছেট্টীৰ নিজৰ মাক আৰু শেষত স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra) কোৰোণাত আক্ৰান্ত হয়।

সৌভাগ্যক্ৰমে শিল্পা ছেট্টীৰ কোৰোণা পৰীক্ষাৰ ৰিপ'ৰ্ট নিগেটিভ আহিছে।

আক্ৰান্ত আটাইকেইজনেই হোম আছোলেচনত আছে আৰু অহৰহ চিকিৎসকৰ নীৰিক্ষণত আছে। অভিনেত্ৰগৰাকীয়ে জনোৱা মতে আটাইকেইজনেই লাহে লাহে আৰোগ্য লাভ কৰিবলৈ ধৰিবলৈ ধৰিছে।

পৰিয়ালৰ লগতে অভিনেত্ৰীগৰাকীৰ ঘৰৰ সহায়কাৰী দুজনো কোৰোণাত আক্ৰান্ত হৈছে আৰু দুয়োজনেই চিকিৎসালয়ত আছে আৰু দুয়োজনেই আৰোগ্যৰ পথত।

নিজৰ পৰিয়ালৰ এই বাৰ্তা দিয়াৰ লগতে ছচিয়েল মিডিয়াযোগে সকলোকে মাস্ক পিন্ধিবলৈ, ছেনিটাইজাৰ লগাবলৈ, ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ তথা নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ আহ্বান জনায় শিল্পা ছেট্টীয়ে।
Published by: Manjumoni Borah
First published: May 7, 2021, 4:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি