ৰণবীৰ আলিয়াই দিব অনুৰাগীক ভাল খবৰ ।বি টাউনৰ আটাইতকৈ চৰ্চিত এটি যুটি হৈছে আলিয়া-ৰণবীৰ। যাৰ আছে অজস্ৰ অনুৰাগী। সেয়ে আলিয়া ভাটে অনুৰাগীসকলৰ বাবে ছ'চিয়েল মিডিয়াত লিখিছে, "আমাৰ সন্তান সোনকালেই আহি আছে।' অভিনেত্ৰীগৰাকীয়ে চিকিৎসালয়ৰ বিচনাত শুই থকা এখন ফটো পোষ্ট কৰিছিল আৰু তেওঁৰ অনুৰাগীসকললৈ তেওঁৰ প্ৰথম সন্তানৰ আগমনৰ বিষয়ে এটা বাৰ্তা প্ৰেৰণ কৰিছিল।মূহুৰ্ততে আলিয়া ভাটৰ এই পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এই খবৰ গম পোৱাৰ লগে লগে অনুৰাগীৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু চেলিব্ৰিটিসকলেও ৰণবীৰ-আলিয়াক আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰে।
ইনষ্টাগ্ৰামত আলিয়াৰ পোষ্টটোৱে দেখুৱাইছে যে অভিনেত্ৰীগৰাকীৰ আল্ট্ৰাচোনোগ্ৰাফী চলি আছে আৰু কম্পিউটাৰ স্ক্ৰীণত চকু ৰাখি হাঁহি আছে।
উল্লেখ্য যে, দীপিকা,কেট্ৰিনাৰ হৃদয়ৰ ভাঙাৰ পিছত ৰণবীৰে হৃদয় চুৰ কৰিছিল আলিয়াৰ আৰু ২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হৈছিল দুয়োগৰাকী । বিবাহৰ দুমাহৰ পাছতেই এটি দেৱশিশুক আদৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে আলিয়া আৰু ৰণবীৰ। এতিয়া অনুৰাগীয়ে অধিৰ আগ্ৰহেৰে বাট চাই আছে কাপুৰ পৰিয়ালৰ নতুন সদস্যলৈ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|