মুম্বাইত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। চকুৰ পলকতে শেষ হৈ গ'ল এটা পৰিয়াল... 

News18 Assam | News18-Assam
Updated:June 10, 2021, 10:42 PM IST
মুম্বাইত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। চকুৰ পলকতে শেষ হৈ গ'ল এটা পৰিয়াল... 
বোম্ৱে পৌৰ নিগমে কোৱা মতে সামুদ্ৰিক ঘূৰ্ণী তাউতেৰ সময়তে দুৰ্বল হৈ পৰিছিল এই বিল্ডিংটো। কিন্তু ইয়াক বিপদজনক ঘৰৰ তালিকাত ৰখা নাছিল নিগমে।

বোম্ৱে পৌৰ নিগমে কোৱা মতে সামুদ্ৰিক ঘূৰ্ণী তাউতেৰ সময়তে দুৰ্বল হৈ পৰিছিল এই বিল্ডিংটো। কিন্তু ইয়াক বিপদজনক ঘৰৰ তালিকাত ৰখা নাছিল নিগমে।

  • Share this:
মুম্বাইত এটা পৰিয়াল প্ৰায় নিশ্চিহ্ন হৈ গ'ল মুহূৰ্তৰ ভিতৰত। এটা অট্টালিকা খহি পৰাৰ ফলত একেটা পৰিয়ালৰ ৯জন লোকৰ মৃত্যু হোৱা ঘটনাই কঁপাই তুলিছে সকলোৰে অন্তৰ। এই শিহৰণকাৰী ঘটনাটোত নিহত হৈছে মুঠ ১১গৰাকী লোক আৰু আহত হৈছে আন ৭ গৰাকী লোক। এটা ঘৰৰ ওপৰত আন এটা তিনিমহলীয়া ঘৰৰ দুটা ছাদ খহি পৰাৰ ফলতেই সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা।




নিচেই পুৱা মোহম্মদ ৰফী নামৰ লোকজনে গাখীৰ আনিবলৈ গৈ ঘূৰি আহি যি দেখিলে সেয়া নিজ চকুৰেও প্ৰথম অৱস্থাত বিশ্বাস কৰিব পৰা নাছিল। মাত্ৰ আধা ঘণ্টামান আগত যিটো ঘৰৰ পৰা ওলাই গৈছিল সেই ঘৰটোৰ ঠাইত কেৱল আছিল ধ্বংসাৱশেষ। হাতত গাখীৰ লৈ ৰফীয়ে অবাক হৈ চাই ৰৈছিল চুবুৰীয়াই ধ্বংশস্তুপ আতৰাই থকা।


তেওঁ লগে লগে অনুভৱ কৰিছিল যে ঘৰত এৰি যোৱা পত্নী, সন্তান, ভাতৃ, বোৱাৰী আৰু ভায়েকৰ সন্তান কেইটা ছাগে ইতিমধ্যে ইহলোক এৰি গুচি গ'ল। পাছত সকলোৰে মৃতদেহ উদ্ধাৰ কৰা হয়। খবৰ মতে ৰফীৰ লগতে এই শোকাৱহ ঘটনাৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰে ১৬ বছৰীয়া পুত্ৰ, যি সেই সময়ত ওলাই গৈছিল ঔষধ আনিবলৈ।


পাছত ৰফীয়ে আক্ষেপ কৰে যে বিল্ডিংটো ইমান দুৰ্বল হৈ পৰা বুলি জনা হ'লে তেওঁলোকে বহু পূৰ্বেই ঘৰটো এৰিলেহেঁতেন। অট্টালিকাটোৰ তৃতীয়া  মহলাত বাস কৰিছিল ৰফী আৰু তেওঁৰ পৰিয়াল।

বোম্ৱে পৌৰ নিগমে কোৱা মতে সামুদ্ৰিক ঘূৰ্ণী তাউতেৰ সময়তে দুৰ্বল হৈ পৰিছিল এই বিল্ডিংটো। কিন্তু ইয়াক বিপদজনক ঘৰৰ তালিকাত ৰখা নাছিল নিগমে।





Published by: Manjumoni Borah
First published: June 10, 2021, 10:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি