உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ১২–১৮ বছৰৰ বাবে শীঘ্ৰে আহিব জায়ডাছ কেডিলাৰ ভেকচিন, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

    ১২–১৮ বছৰৰ বাবে শীঘ্ৰে আহিব জায়ডাছ কেডিলাৰ ভেকচিন, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

    আগন্তুক কেইটামান সপ্তাহৰ ভিতৰত কোম্পানীয়ে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াৰ পৰা ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি বিচাৰিব পাৰে।

    আগন্তুক কেইটামান সপ্তাহৰ ভিতৰত কোম্পানীয়ে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াৰ পৰা ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি বিচাৰিব পাৰে।

    আগন্তুক কেইটামান সপ্তাহৰ ভিতৰত কোম্পানীয়ে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াৰ পৰা ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি বিচাৰিব পাৰে।

    • Share this:
    কেন্দ্ৰীয় চৰকাৰে কোৰোণাৰ টিকাকৰণ অভিযানক লৈ উচ্চতম ন্যায়ালয়ত এক শপতনামা দাখিল কৰিছে। ইয়াৰ জৰিয়তে কোৱা হৈছে যে শীঘ্ৰে ১২ৰ পৰা ১৮ বছৰীয়াসকলৰ বাবে জায়ডাছ কেডিলা (Zydus Cadila)ৰ ভেকচিন দিয়া হ’ব। চৰকাৰে লগতে কৈছে যে এই বছৰৰ শেষৰ ফালে সকলো লোককে ভেকচিন দিয়া হ’ব।

    উল্লেখযোগ্য যে বিগত দিনত উচ্চতম ন্যায়ালয়ে কোৰোণাৰ ভেকচিনক লৈ কেন্দ্ৰক প্ৰশ্ন কৰিছিল। ন্যায়ালয়ে সুধিছিল যে কোৰোণা ৰোধৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে।

    কেন্দ্ৰীয় চৰকাৰে কয় যে কোৰোণা মহামাৰীৰ পৰা শিশুসকলক সুৰক্ষিত কৰাৰ বাবে ভাৰত বায়’টেকৰ ভেকচিন কোভাক্সিনৰ ২ৰ পৰা ১৮ বছৰৰ শিশুৰ ওপৰত ক্লিনিকেল ট্ৰায়েল আৰম্ভ হৈছে। শীঘ্ৰে এই ভেকচিন ১২ৰ পৰা ১৮ বছৰৰ সকলৰ বাবে উপলব্ধ হ’ব। কোৱা হৈছে যে আহমেদাবাদৰ কোম্পানী জায়ডাছ কেডিলাই তৃতীয় স্তৰৰ পৰীক্ষা সম্পূৰ্ণ কৰিছে। এই ভেকচিন শিশুসকলৰ লগতে ডাঙৰকো দিব পৰা যাব।

    আগন্তুক কেইটামান সপ্তাহৰ ভিতৰত কোম্পানীয়ে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াৰ পৰা ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি বিচাৰিব পাৰে। উল্লেখযোগ্য যে বৰ্তমান বিশ্বত কেৱল ফাইজাৰেহে একমাত্ৰ ভেকচিন যিটো ১২ৰ পৰা ১৮ বছৰৰ সকলক দিব হৈছে।
    Published by:Sanjay Kumar Das
    First published: