জুবিনে এইবাৰ একোখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ ৫-৮ লাখ টকা মাননি হিচাপে ল’ব।
জুবিনে এইবাৰ একোখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ ৫-৮ লাখ টকা মাননি হিচাপে ল’ব।
ক'ভিড পৰিবেশৰ মাজতে এইবাৰ অসমৰ বিহুবলীয়া ৰাইজে উদযাপন কৰিব ৰঙালী বিহু।বিহু উদযাপন কৰিবৰ বাবে সাজু এতিয়া বিহু কমিটিসমূহ।কিন্ত শিল্পীসকলৰ মাননিয়ে এতিয়া বিপাঙত পেলাইছে বিহু কমিটিসমূহক।বিগত বৰ্ষত ক'ভিডৰ বাবে বিহু উদযাপন কৰিব নোৱাৰাৰ বাবে এইবাৰ মাননি বৃদ্ধি কৰিছে শিল্পীসকলে।
প্ৰথমেই আমি ক'ব ওলাইছো জুবিন গাৰ্গৰ মাননিৰ পৰিমাণ।জুবিনে এইবাৰ একোখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ ৫-৮ লাখ টকা মাননি হিচাপে ল’ব।ঠিক সেইদৰে এইবাৰ অসমৰ বিহু মঞ্চত দেখিবলৈ পোৱা যাব অন্যতম জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তক।৬ টা বছৰৰ পিছত বিহু মঞ্চত আলোড়ন তুলিবলৈ অনুৰাগীৰ মাজলৈ আহি আছে পাপন। পাপনে প্ৰতি মঞ্চৰ বাবে মাননি ৬-৮ লাখ টকা পৰ্যন্ত ল’ব।
ঠিক সেইদৰে প্ৰতিখন মঞ্চত প্ৰিয়ংকা ভৰালীয়ে ২-৪ লাখ টকা, নীল আকাশে ৪.৫-৪.৮ লাখ টকা, বৰ্ণালী কলিতাই ২.৫-৩.৫ লাখ টকা, তৰালী শৰ্মাই ২-৪ লাখ টকা, বাবু বৰুৱাই ২.৫-৩ লাখ টকা আৰু কৃষ্ণমণি নাথে ২-৩ লাখ টকা মাননি ল’ব।আনহাতে নিৰ্মালী দাসে ২.৫-৩.৫ লাখ টকা, ভৃগু কাশ্যপে ২.৫-৪ লাখ টকা, ৰাকেশ ৰিয়ানে ৩.৫-৪.৫ লাখ টকা, মন্টুমণি শইকীয়াই ২.৫-৩.২০ লাখ টকা, প্ৰবীন বৰাই ১.৫-২ লাখ টকা আৰু জিনা ৰাজকুমাৰীয়ে ১.২-১.৮ লাখ টকা মাননি ধাৰ্য কৰিছে।
মাননীৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই বেহাৰবাৰী আউটপোষ্টৰ কে কে আৰু মোহন। এইবাৰ কে কে- মোহনে প্ৰতিখন মঞ্চৰ বাবদ মাননি হিচাপে ল’ব ১-১.৫ লাখ টকা।সেইদৰে মানস ৰবীন, অনুপম শইকীয়া, কুসুম কৈলাস, সীমান্ত শেখৰ, ভৃগু কাশ্যপ, দীক্ষু, বিপিন চাওদাং, ৰাকেশ ৰিয়ান,নেকিব, ভিটালী দাস, গায়িকা–অভিনেত্রী দীপলিনা ডেকা আদিয়েও ২ৰ পৰা ৩.৫০ লাখ টকা পর্যন্ত মাননিৰ ‘ৰেট’ নির্ধাৰণ কৰা বুলি জানিব পৰা গৈছে৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|