কাৰ্গিল যুদ্ধৰ স্মৰণত নিৰ্মাণ কৰা গীত পৰিচালনা কৰিলে অসমৰ জিয়াৰী জুৱানা জৈনে, টুইটাৰত শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

গীতটোৰ ভিডিঅ’ত মেগাষ্টাৰ অমিতাভ বচ্চন, সুনীল ছেট্টী, ছলমান খানৰ লগতে একেলগে দেখা গ’ল জুবিন গাৰ্গ আৰু যতীন বৰাক!

News18-Assam
Updated:July 6, 2019, 2:24 PM IST
কাৰ্গিল যুদ্ধৰ স্মৰণত নিৰ্মাণ কৰা গীত পৰিচালনা কৰিলে অসমৰ জিয়াৰী জুৱানা জৈনে, টুইটাৰত শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
গীতটোৰ ভিডিঅ’ত মেগাষ্টাৰ অমিতাভ বচ্চন, সুনীল ছেট্টী, ছলমান খানৰ লগতে একেলগে দেখা গ’ল জুবিন গাৰ্গ আৰু যতীন বৰাক!
News18-Assam
Updated: July 6, 2019, 2:24 PM IST
২০ সংখ্যক কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মুকলি কৰিছে এটি ভিডিঅ'।দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিৰ্মাণ কৰা ভিডিঅ'টোৰ নিৰ্দেশনা কৰিছে অসম সন্তান জুৱানা জৈন আৰু অসমৰ জোঁৱাই অজয় জৈনে।কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা দেশপ্ৰেমমূলক গীতটোত অনিভয় কৰিছে অমিতাভ বচ্চন, চলমান খান, চনু সূদ, অজুৰ্ণ ৰামপাল, সুনীল ছেত্ৰী, বিকি কৌচাল, কংগনা ৰানাৱতকে ধৰি বহুকেইজন বলীউডৰ তাৰকা শিল্পীয়ে। ভিডিঅ'টোত বলীউডৰ শিল্পীসকলৰ সৈতে দেখা পোৱা গৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, যতীন বৰাক।

৫ জুলাই তাৰিখে অৰ্থ্যাৎ কাৰ্গিল দিৱসৰ দিনা আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় গীতটো। গীতটো মুকলি কৰিছে ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱটে। গীতটো পৰিচালনা কৰা অসমৰ বিশিষ্ট পৰিচালক তথা প্ৰয়াত ভূপেন্দ্ৰ নাথ ভাগৱতী আৰু ড০ নীলিমা ভাগৱতীৰ কন্যা জুৱানা জৈনক টুইটাৰৰ জৰিয়তে শুভেচ্ছা জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। উল্লেখ যোগ্য যে কাৰ্গিল যুদ্ধই এইবাৰ ২০ টা বছৰ অতিক্ৰম কৰিলে,গতিকে তেনে এক ঐতিহাসিক ক্ষণত দেশৰ বীৰ যুদ্ধা সকললৈ সন্মান জনাই অসমৰ জুৱানা জৈনে দেশৰ প্ৰতিৰক্ষা বিভাগৰ কাৰণে নিৰ্মাণ কৰি উলিয়ালে এই বিশেষ ভিডিঅ’টো।



গীতটোত দেখা গ’ল বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন, ছলমান খান, বিকি কৌশল কংগনা ৰানাৱট আদিৰ দৰে তাৰকা শিল্পীক। বক্সিং তাৰকা মেৰীকম আৰু অসমৰ অভিনেত্ৰী আইমী বৰুৱাইও ভূমুকি মাৰিলে কাৰ্গিল যুদ্ধৰ স্মৰণত নিৰ্মাণ কৰা ভিডিঅ’টোত।

 

আৰু চাওক পৰৱৰ্তী বাতৰি