এইবাৰ সন্তানৰ পিতৃয়েও পাব ২৬ সপ্তাহৰ ছুটি, কৰ্তন কৰা নহয় দৰমহা

জমেট’ ভাৰতৰ প্ৰথম ব্যক্তিগত কোম্পানী যিয়ে প্ৰথমবাৰৰ বাবে ২৬ সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ ব্যৱস্থা কৰিছে।

news18assam
Updated:June 4, 2019, 2:37 PM IST
এইবাৰ সন্তানৰ পিতৃয়েও পাব ২৬ সপ্তাহৰ ছুটি, কৰ্তন কৰা নহয় দৰমহা
জমেট’ ভাৰতৰ প্ৰথম ব্যক্তিগত কোম্পানী যিয়ে প্ৰথমবাৰৰ বাবে ২৬ সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ ব্যৱস্থা কৰিছে।
news18assam
Updated: June 4, 2019, 2:37 PM IST
অনলাইন খাদ্য যোগানকাৰী জনপ্ৰিয় এপ জমেট’ৱে কৰ্মচাৰীসকলৰ বাবে আগবঢ়াইছে বিশেষ সুবিধা। কোম্পানীটোৱে পুৰুষ কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰিছে পিতৃত্বকালীন ছুটি। কোম্পানীৰ ফালৰ পৰা জনোৱা হৈছে যে সন্তানৰ পিতৃয়ে লাভ কৰিব ২৬ সপ্তাহৰ ছুটি। এই পিতৃত্বকালীন ছুটিৰ সময়ছোৱাত কোম্পানীটোৱে কৰ্তন নকৰে কৰ্মচাৰীৰ দৰমহা। জমেট’ ভাৰতৰ প্ৰথম ব্যক্তিগত কোম্পানী যিয়ে প্ৰথমবাৰৰ বাবে ২৬ সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বে জনপ্ৰিয় আচবাব প্ৰস্তুতকাৰী কোম্পানী আইকিয়াই দুমাহৰ পিতৃত্বকালীন ছুটি ঘোষণা কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি