• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Zodiac : অন্তৰ ভাঙি গ'লেও প্ৰকাশ নাপায় চেহেৰাত ! এই ৫ ৰাশিৰ লোকে সহজে প্ৰকাশ কৰিব নোৱাৰে মনৰ ভাৱ ...

Zodiac : অন্তৰ ভাঙি গ'লেও প্ৰকাশ নাপায় চেহেৰাত ! এই ৫ ৰাশিৰ লোকে সহজে প্ৰকাশ কৰিব নোৱাৰে মনৰ ভাৱ ...

যি সকললোক অন্তৰ্মুখী( Introverted) স্বভাৱৰ আৰু যদি অতীতত কোনো সম্পৰ্কত আঘাত পাই থৈছে ( injuries in a contact in the past), তেওঁলোকৰ বাবে অন্তৰংগতা (Intimacy) বা মুক্ত মনেৰে নিজৰ মনোভাৱ প্ৰকাশ কৰাটো এটা সংগ্ৰামৰ দৰে হয়।

যি সকললোক অন্তৰ্মুখী( Introverted) স্বভাৱৰ আৰু যদি অতীতত কোনো সম্পৰ্কত আঘাত পাই থৈছে ( injuries in a contact in the past), তেওঁলোকৰ বাবে অন্তৰংগতা (Intimacy) বা মুক্ত মনেৰে নিজৰ মনোভাৱ প্ৰকাশ কৰাটো এটা সংগ্ৰামৰ দৰে হয়।

যি সকললোক অন্তৰ্মুখী( Introverted) স্বভাৱৰ আৰু যদি অতীতত কোনো সম্পৰ্কত আঘাত পাই থৈছে ( injuries in a contact in the past), তেওঁলোকৰ বাবে অন্তৰংগতা (Intimacy) বা মুক্ত মনেৰে নিজৰ মনোভাৱ প্ৰকাশ কৰাটো এটা সংগ্ৰামৰ দৰে হয়।

  • Share this:
সকলো মানুহে নিজৰ আবেগ-অনুভূতিবোৰ সহজে প্ৰকাশ কৰিব নোৱাৰে। কিছুমান মানুহে এজন ব্যক্তিক বিশ্বাস কৰিবলৈ আৰু তেওঁৰ সন্মূখত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যথেষ্ট সময় লয়। যি সকললোক অন্তৰ্মুখী( Introverted) স্বভাৱৰ হয় আৰু যদি অতীতত কোনো সম্পৰ্কত আঘাত পাই থৈছে, তেওঁলোকৰ বাবে অন্তৰংগতা বা  মুক্ত মনেৰে নিজৰ ভাৱ ব্যক্ত কৰাটো এক সংগ্ৰামৰ দৰে হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি কি কি ৰাশি চিহ্নৰলোক এনে প্ৰকৃতিৰ হয় জানোঁ আহক !

তুলা ৰাশি (Libra): ২৩ ছেপ্টেম্বৰৰ পৰা ২২অক্টোবৰলৈ- 

তুলা ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ সমস্যা আনৰ ওপৰত জাপি দিব নিবিচাৰে আৰু নিজৰ সমস্যা আনৰ আগত কৈ নুফুৰে। অৱশ্যে যদি তেওঁলোক এজন ব্যক্তিৰ সৈতে অন্তৰংগ হয় তেওঁলোকে নিজৰ মনৰ বহু কথাই কৈ পেলায়। তথাপিও তেওঁলোকে তেওঁলোকৰ মনত তেতিয়াও বহুতো গভীৰ কথা লুকুৱাই ৰাখে। আনকি তেওঁলোকক কিবা প্ৰয়োজন হ'লেও তেওঁলোকে মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰে বা নকয়।

মিথুন ৰাশি  (Gemini) : ২১মেৰ পৰা ২০ জুন-

মিথুন ৰাশিৰ লোকসকল সামাজিক হয় আৰু কথা পাতিবলৈ ভাল পায়। যদিও তেওঁলোকে  কথা বেছি কয় তেওঁলোকে অতি ব্যক্তিগত বিষয়ত সহজে মুখ নুখুলে। মিথুন ৰাশি চক্ৰৰ জাতক -জতিকাসকলে কাৰোবাৰ ওপৰত অসন্তুষ্ট বা দুখী হ'লেও নিজৰ মনোভাৱ জানিবলৈ নিদিয়ে।

মকৰ ৰাশি (Capricorn) : ২২ ডিচেম্বৰৰ  পৰা ১৯ জানুৱাৰীলৈ-

মকৰ ৰাশি চিহ্নৰ লোক সকলে আৱেগ বিষয়টো খুব বেয়া পায়। কিয়নো তেওঁলোকে নিজৰ আৱেগ–অনুভূতি আনৰ ওচৰত প্ৰকাশ পালে তেওঁক দুৰ্বল বুলি ভাবিব পাৰে বুলি ভয় কৰে। যদি কোনো ব্যক্তি তেওঁলোকৰ বিশ্বাস অৰ্জন কৰাত সফল হয় তেন্তে তেওঁলোকে কেতিয়াবাহে নিজৰ অনুভূতি প্ৰকাশ কৰে।

কুম্ভ ৰাশি (Aquarius) :  জানুৱাৰী ২০ৰ পৰা ফেব্ৰুৱাৰী ১৮-

এই ৰাশি চিহ্নৰ লোকসকলে তেওঁলোকৰ অতি কাষৰ মানুহকহে বিশ্বাস কৰে আৰু সেইসকলকহে তেওঁলোকৰ মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰে। এই ক্ষেত্ৰত তেওঁলোক অতি সৎ। কিন্তু হাজাৰবাৰ অনুৰোধ কৰাৰ পাছতো তেওঁলোকে আনৰ আগত তেওঁলোকৰ মনোভাৱ প্ৰকাশ কৰিবলৈ টান পায় বা নকৰে। এওঁলোকৰ পেট পাবলৈ খুবেই টান।

কন্যা ৰাশি (Virgo) : ২৩ আগষ্টৰ পৰা ২২ছেপ্টেম্বৰ- 

কন্যা ৰাশিৰ লোকসকলে সকলোৰে সৈতে মিলি-জুলি থাকিবলৈ ভাল পায়।  এই ৰাশি চিহ্নৰ লোকসকলে জীৱনলৈ সফলতাই আহক বা বিফলতাই আহক তেওঁলোকে ইয়াক গ্ৰহণ কৰে আৰু আগবাঢ়ি যায়। তেওঁলোকে মনৰ অভিব্যক্তি তেওঁলোকৰ মনৰ ভিতৰতে ৰাখিব বিচাৰে এইবোৰৰ প্ৰদৰ্শনো নকৰে। কন্যা ৰাশিৰ লোকসকল কোমল মনৰ অধিকাৰী হয়।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি