মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Ziona Chana Died : বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মূৰব্বী ঝিওনা চানাৰ মৃত্যু। এৰি গ'ল ১৮১ জনীয়া বৃহৎ পৰিয়ালটো।

Ziona Chana Died : বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মূৰব্বী ঝিওনা চানাৰ মৃত্যু। এৰি গ'ল ১৮১ জনীয়া বৃহৎ পৰিয়ালটো।

News18 Assam | News18-Assam
Updated:June 13, 2021, 10:43 PM IST
Ziona Chana Died : বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মূৰব্বী ঝিওনা চানাৰ মৃত্যু। এৰি গ'ল ১৮১ জনীয়া বৃহৎ পৰিয়ালটো।
৩৯ গৰাকী পত্নী, ৯৪টা সন্তান, ১৪ গৰাকী বোৱাৰী, ৩৩টা নাতি-নাতিনী আৰু  এটি পৰিনাতিৰে গিজগিজাই থকা বিশ্বৰ সবাতোকৈ ডাঙৰ পৰিয়ালটোৰ মূৰব্বাীৰূপে জনাজাত আছিল ঝিওনা চানা। 

৩৯ গৰাকী পত্নী, ৯৪টা সন্তান, ১৪ গৰাকী বোৱাৰী, ৩৩টা নাতি-নাতিনী আৰু  এটি পৰিনাতিৰে গিজগিজাই থকা বিশ্বৰ সবাতোকৈ ডাঙৰ পৰিয়ালটোৰ মূৰব্বাীৰূপে জনাজাত আছিল ঝিওনা চানা। 

  • Share this:
বিশ্ববাসীৰ বাবে তেওঁ এক আশ্চৰ্যতকৈ কম নাছিল। কেনেদৰে তেওঁ ১৮১ জনীয়া পৰিয়াল এটা এডাল সূতাৰে বান্ধি ৰাখিছিল সেই কথা যেন চিৰদিন অভেদ্য হৈ থকা ৰহস্যৰ দৰেই আমাক আলড়িত কৰি ৰাখিব। মিজোৰামৰ আইজলৰ এইজন বিখ্যাত ব্যক্তি ঝিওনা চানাৰ আজি দেহাৱসান ঘটিল।

৩৯ গৰাকী পত্নী, ৯৪টা সন্তান, ১৪ গৰাকী বোৱাৰী, ৩৩টা নাতি-নাতিনী আৰু  এটি পৰিনাতিৰে গিজগিজাই থকা বিশ্বৰ সবাতোকৈ ডাঙৰ পৰিয়ালটোৰ মূৰব্বাীৰূপে জনাজাত আছিল ঝিওনা চানা।

উচ্চ ৰক্তচাপ আৰু মধুমেহৰ সমস্যাত ভূগি আছিল ঝিওনা চানা। মৃত্যুৰ সময়ত তেওঁৰ বয়সআছিল  ৭৬ বছৰ।

মিজোৰামৰ ছাৰ্চিপ জিলাৰ বাকতাং লাংনুৱাম গাঁৱৰ বাসিন্দা আছিল ঝিওনা চানা। চানাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ঝোৰাম থাংগাইও। এই বৃহৎ পৰিয়ালটোৰ বাবেই মিজোৰামৰ এই গাঁওখন পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল।

১৯৪৫ চনত জন্ম লাভ কৰা ঝিওনা চানাই প্ৰথম বিবাহ কৰাইছিল  ১৭ বছৰ বয়সত।  তেওঁতকৈ তিনি বছৰ ডাঙৰ এগৰাকী যুৱতীক পাতিছিল বিয়া। ২০০৪ চনত তেওঁ অন্তিমবাৰ বাবে বিয়া কৰাইছিল। 'নৱ প্ৰজন্মৰ ঘৰ' (Chhuan Thar Run (New Generation Home)) বুলি এটা চাৰি মহলীয়া ঘৰ সাজিছিল চানাই। এই ঘৰটোতে তেওঁৰ আটাইকেইগৰাকী পত্নী আৰু বাকী পৰিয়ালৰ সমস্ত সদস্য বাস কৰিছিল। জীয়েককেইগৰাকী কেৱল তেওঁলোকৰ স্বামীৰ সৈতে বেলেগকৈ বাস কৰিছিল।

এই বৃহৎ পৰিয়ালটো ইমানেই বিখ্যাত হৈছিল যে ২০১৪ চনত এক বাচন-বৰ্চন ধোৱা সামগ্ৰীৰ বিজ্ঞাপনতো অংশ লৈছিল।
Published by: Manjumoni Borah
First published: June 13, 2021, 10:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি