বৰ্তমান হাজাৰ হাজাৰ ক্ৰিপ্ট’কাৰেন্সী প্ৰচলিত হৈ আছে, যি প্ৰথমবাৰৰ ব্যৱহাৰকাৰীসকলৰ বাবে অনেক বিভ্ৰান্তি আৰু বেমেজালিৰ সৃষ্টি কৰিব পাৰে, যে তেওঁলোকে কোনবোৰ ক্ৰিপ্ট’কাৰেন্সীক বিশ্বাসত ল’ব পাৰিব! মাজে মাজে কিছু অজ্ঞাত ক্ৰিপ্ট’কাৰেন্সীয়ে কেতিয়াবা মূল্যৰ ক্ষেত্ৰত 100% তকৈও অধিক বৃদ্ধি পাই FOMO, অথবা এক তীব্ৰ উত্তেজনাৰ অনুভৱ সৃষ্টি কৰিব পাৰে।
ক্ৰিপ্ট’কাৰেন্সীৰ নাওখনত ওপঙি থাকিবলৈ, আপুনি তুলনামূলকভাৱে অজ্ঞাত আন ক্ৰিপ্ট’কাৰেন্সীবোৰৰ দিশে চাবলৈ আৰম্ভ কৰাৰ আগতে কেইটামান আগতে চেষ্টা কৰি থোৱা আৰু পৰীক্ষা কৰি থোৱা নাৱত খোজ দিয়াটো প্ৰয়োজনীয়। সেই কথা মনত ৰাখি, আমি আপোনাৰ ক্ৰিপ্ট’ৰ যাত্ৰা আৰম্ভ কৰিবলৈ আগষ্ট 2021 লৈকে, বজাৰ মূল্য অনুসৰি শীৰ্ষ 10 টা ক্ৰিপ্ট’কাৰেন্সীৰ বিষয়ে তলত উল্লেখ কৰিছো।
1 – বিটকইন (Bitcoin)
সকলোবোৰ ক্ৰিপ্ট’ৰ পিতৃ, বিটকইন হৈছে 2009 চনত হাতোশী নাকাম’টো নামৰ কোনো ব্যক্তি বা গোটে সৃষ্টি কৰা মূল ক্ৰিপ্ট’কাৰেন্সী। বেছিভাগ ক্ৰিপ্ট’কাৰেন্সীৰ দৰেই, বিটকইন ব্লকচেইনত চলে, যি হৈছে হাজাৰ হাজাৰ কম্পিউটাৰৰ নেটৱৰ্ক, যিবোৰে কোনো মধ্যস্থতাকাৰী অবিহনেই ৰীয়েল টাইমত লেনদেনবোৰ সত্যাপন কৰে।
নিৰ্মিত কামৰ প্ৰমাণৰ দৰে অতিৰিক্ত ধাৰণাৰ সৈতে, বিটকইন যিকোনো হেকিং প্ৰচেষ্টাৰ পৰা সুৰক্ষিত এক কইন। আগষ্টৰ শেষৰফালে ইয়াৰ মাৰ্কেট-কেপ আছিল 856 বিলিয়ন ডলাৰতকৈও অধিক আৰু এটা বিটকইনৰ মূল্য পাঁচবছৰ আগৰ প্ৰায় 500 ডলাৰৰ পৰা আজি 45,000 ডলাৰতকৈও অধিক বৃদ্ধি পাইছে, যাৰ অৰ্থ হৈছে 8900% আশ্চৰ্যকৰ ৰিটাৰ্ণ।
2 – ইথিৰিয়াম (Ethereum)
ইথিৰিয়াম হৈছে এক ব্লকচেইন নেটৱৰ্ক, যাৰ স্থানীয় ট’কেন হিচাপে আছে ইথাৰ বা ETH, আৰু ইয়াক সাধাৰণভাৱে ক্ৰিপ্ট’কাৰেন্সী বুলিও কোৱা হয়। যদি আপুনি NFTs ডিজিটেলভাৱে বিক্ৰী হোৱাৰ বিষয়ে শুনিছে, সেইবিলাকৰ অধিকাংশ ইথিৰিয়াম ব্লকচেইন ব্যৱহাৰ কৰি প্ৰক্ৰিয়াগত কৰা হৈছে। ই হৈছে এক অধিক দৃঢ় প্লেটফৰ্ম যি নিৰন্তৰ ট্ৰেণ্ডৰ শীৰ্ষত থাকিবলৈ চেষ্টা কৰি আহিছে – ইয়াৰ শেহতীয়া পদক্ষেপৰ লক্ষ্য হৈছে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা যথেষ্ট পৰিমাণে হ্ৰাস কৰা।
ই এক ক্ৰিপ্ট’কাৰেন্সী হিচাপেও আচৰিত ৰিটাৰ্ণ প্ৰদান কৰিছে’ পাঁচবছৰৰ ভিতৰতে $11 ৰ পৰা $3000 লৈ উন্নীত হৈছে, যাৰ ফলত আশ্চৰ্যজনকভাৱে 27,000% ৰিটাৰ্ণ প্ৰদান কৰিছে। ইয়াৰ মাৰ্কেট-কেপ হৈছে $357 বিলিয়নতকৈও অধিক, যাৰ ফলত ই বিশ্বৰ দ্বিতীয়টো সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী হৈ পৰিছে।
যদি আপুনি চিন্তা কৰিছে আপুনিও কেনেকৈ অংশগ্ৰহণ কৰিব পাৰে, আমি
Zebpay ৰ পৰামৰ্শ দিম, যি আপোনাক মাত্ৰ 100 টকাৰ পৰা আৰম্ভ কৰি আপোনাৰ পচন্দৰ ক্ৰিপ্ট’ত বিনিয়োগ আৰম্ভ কৰিবলৈ অনুমতি দিয়ে। আপুনি কেৱল আপোনাৰ ম'বাইল নম্বৰটো প্ৰবিষ্ট কৰিব লাগিব আৰু আপোনাৰ প্ৰথম ক্ৰিপ্ট’কাৰেন্সী ক্ৰয় কৰাৰ কাম আৰম্ভ কৰিবলৈ এটা দ্ৰুত, সৰল KYC প্ৰক্ৰিয়াৰে প্ৰমাণিত কৰিব লাগিব।
3 – বাইনেন্স কইন (Binance Coin)
70 বিলিয়ন ডলাৰতকৈও অধিক মাৰ্কেট-কেপৰ সৈতে, বাইনেন্স কইন হৈছে বৰ্তমান উপলব্ধ তৃতীয় সৰ্বাধিক জনপ্ৰিয় ক্ৰিপ্ট’কাৰেন্সী। ইয়াক ট্ৰেডিং, পেমেণ্ট প্ৰচেছিং বা আনকি ভ্ৰমণ আদি বুক কৰাৰ বাবেও ব্যৱহাৰ কৰিব পাৰি আৰু আন ক্ৰিপ্ট’কাৰেন্সী, যেনে ইথিৰিয়াম বা বিটকইনৰ সৈতেও ব্যৱসায় বা বিনিময় কৰিব পাৰি।
ভাৰতত, ক্ৰিপ্ট’কাৰেন্সী প্লেটফৰ্ম Zebpay-ই ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে আকৰ্ষণীয় কিবা এটা আগবঢ়াইছে।
Zebpay Earn ৰ সৈতে, KYC-পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰীসকল নিৰ্বাচিত ক্ৰিপ্ট’ হোল্ডিং-ত দৈনিক ৰিটাৰ্ণৰ বাবে যোগ্য। দৰাচলতে, আপোনাৰ মালিকানাধিক মুদ্ৰা আৰু ক্ৰিপ্ট’কাৰেন্সীৰ ওপৰত নিৰ্ভৰ কৰি ৰিটাৰ্ণৰ হাৰ 1% ৰ পৰা 7.5% লৈ কেৱল কিছু ক্ৰিপ্ট’ ধৰি ৰখাৰ বাবে আপুনি লাভ কৰে। Zebpay Earn হৈছে ক্ৰিপ্ট’কাৰেন্সী সংৰক্ষণ কৰাৰ আৰু আপোনাৰ ক্ৰিপ্ট’ হোল্ডিং-ত ৰিটাৰ্ণ সৃষ্টি কৰাৰ এক উৎকৃষ্ট উপায়।
4 – কাৰ্ডেনো (Cardano)
কাৰ্ডেনো হৈছে নতুন ক্ৰিপ্ট’কাৰেন্সীবোৰৰ ভিতৰত অন্যতম, কিন্তু ই এক ধুমুহাৰ সৃষ্টি কৰিছে আৰু বৰ্তমান ক্ৰিপ্ট’কাৰেন্সীৰ বিষয়ে আটাইতকৈ চৰ্চিত হৈ পৰিছে। ডাঙৰ ক্ৰিপ্ট’কাৰেন্সীৰ তুলনাত কম শক্তি ব্যৱহাৰ কৰা লেনদেনবোৰ বৈধ কৰাৰ বাবে ই নতুন প্ৰুফ-অফ-ষ্টেক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে বুলি জনা যায়। আগষ্ট 2021-ৰ শেষৰ ফালে ইয়াৰ মাৰ্কেট-কেপ আছিল 69 বিলিয়ন ডলাৰ।
5 – টিথাৰ (Tether)
64 বিলিয়ন ডলাৰৰ এম-কেপৰ সৈতে টিথাৰ হৈছে ষ্টেবলকইন নামৰ এক পৃথক প্ৰকাৰৰ ক্ৰিপ্ট’কাৰেন্সী যাক আমেৰিকান ডলাৰৰ দৰে ফিয়াট মুদ্ৰাৰ দ্বাৰা সমৰ্থন কৰা হয়, যি ইয়াক অন্যান্য অস্থিৰ ক্ৰিপ্ট’কাৰেন্সীৰ তুলনাত অধিক স্থিৰ আৰু নিৰ্ভৰযোগ্য কৰি তুলিছে।
6 – এক্সআৰপি (XRP)
ডিজিটেল প্ৰযুক্তি কোম্পানী ৰিপলৰ আঁৰত থকা একেটা দলেই এক্সআৰপি সৃষ্টি কৰিছিল, যাক বিভিন্ন প্ৰকাৰৰ মুদ্ৰাৰ বিনিময়ৰ সুবিধাৰ বাবে নেটৱৰ্ক হিচাপে ব্যৱহাৰ কৰা হয়, যাৰ ভিতৰত আছে ফিয়াট মুদ্ৰা আৰু অন্যান্য মুখ্য ক্ৰিপ্ট’কাৰেন্সী। আগষ্ট 2021-ৰ শেষত এক্সআৰপিৰ মাৰ্কেট-কেপ হৈছে 52 বিলিয়ন ডলাৰ।
7 – ড’জকইন (Dogecoin)
মিম হিচাপে আৰম্ভ হোৱা এইবিধ কইন আজি 40 বিলিয়ন ডলাৰৰ অধিক মূল্যৰ ক্ৰিপ্ট’কাৰেন্সীলৈ ৰূপান্তৰিত হৈছে। ইয়াত এটা আকৰ্ষণীয় তথ্য আছে – 2017 চনত ড’জকইনৰ মূল্য আছিল $0.0002 আৰু আজি ইয়াৰ মূল্য $0.31, যাৰ অৰ্থ হৈছে পাঁচ বছৰত 154900% বৃদ্ধি!
8 – প’লকাডট (Polkadot)
প’লকাডট 2020 চনত মুকলি কৰা হৈছিল আৰু মাত্ৰ এবছৰতে, ইয়াৰ মূল্য $2.93 ৰ পৰা $25.61 লৈ বৃদ্ধি হৈছে– 774% বৃদ্ধি! প’লকাডটৰ ইউএছপি হৈছে যে ই এটা ক্ৰিপ্ট’কাৰেন্সী নেটৱৰ্ক সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে যি বিভিন্ন ব্লকচেইনক সংযোগ কৰে, যাতে তেওঁলোকক একেলগে কাম কৰিবলৈ বাধ্য কৰায়। ইয়াৰ এম-কেপ বৰ্তমান 25 বিলিয়ন ডলাৰৰো অধিক।
9 – USD কইন (USD Coin)
USD Coin হৈছে আন এক ষ্টেবলকইন, যাৰ বজাৰ মূল্য $23 বিলিয়ন আৰু গণনা কৰি থকা হৈছে। ই ইথিৰিয়ামৰ দ্বাৰা চালিত আৰু ইয়াক গোলকীয় লেনদেন সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
10 – চ’লানা (Solana)
অৱশেষত, 20 বিলিয়ন ডলাৰৰো অধিক এম-কেপ থকা চ’লানা হৈছে আন এক ক্ৰিপ্ট’কাৰেন্সী যি শেহতীয়াকৈ ইয়াৰ অনন্য হাইব্ৰিড প্ৰুফ-অফ-ষ্টেক আৰু ইতিহাসৰ প্ৰমাণ প্ৰণালীৰ বাবে বাতৰিৰ শীৰ্ষত আছে, যি ইয়াক লেনদেনবোৰ দ্ৰুত আৰু সুৰক্ষিতভাৱে প্ৰক্ৰিয়া কৰাত সহায় কৰে। চ’লানা 2020 চনত মুকলি কৰা হৈছিল, যেতিয়া ইয়াৰ মূল্য $0.77 আছিল আৰু আজি 9405% বৃদ্ধি হৈ বৰ্তমান $73.19 ত ব্যৱসায় হৈ আছে।
ইমানবোৰ উপলব্ধ বিকল্প থকাৰ পাছত, কোনটো ক্ৰিপ্ট’কাৰেন্সীয়ে আপোনাক আটাইতকৈ বেছি আকৰ্ষণ কৰিছে, সেই সিদ্ধান্ত লোৱাটো সহজ হ'ব লাগে আৰু ইয়াত কম অংশৰ ধন বিনিয়োগ কৰা আৰম্ভ কৰিব লাগে। আমি আগতে কোৱাৰ দৰে, আপুনি Zebpay একাউণ্ট এটা খুলিব পাৰে আৰু আপুনি KYC ৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ লগে লগে বিনিয়োগ আৰম্ভ কৰিব পাৰে আৰু আনকি Zebpay Earn ৰ সৈতে আপোনাৰ প্ৰিয় ক্ৰিপ্ট’কাৰেন্সী ধৰি লৈ ক্ৰিপ্ট’ অৰ্জন কৰিব পাৰে। তেন্তে আহক, আজিয়েই আপোনাৰ ক্ৰিপ্ট’কাৰেন্সীৰ যাত্ৰা আৰম্ভ কৰক!
Social Copy – কোনটো ক্ৰিপ্ট’কাৰেন্সী ক্ৰয় কৰিব লাগে, বিভ্ৰান্ত হৈছে নেকি? বজাৰৰ মূল্য অনুসৰি শীৰ্ষ 10 টা ক্ৰিপ্ট’কাৰেন্সীৰ পৰা বাছনি কৰিলে কেনে হ'ব? এই বিষয়ে ইয়াত সকলো শিকক
FIRST PUBLISHED : September 27, 2021, 21:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।