‘দীপাৱলী উদযাপন কৰা জাহিৰ খান ভুৱা মুছলমান, আল্লাক জাহিৰে কেনেকৈ মুখ দেখুৱাব?’ জাহিৰ খানক চৰম তাচ্ছিল্ল একাংশৰ

একাংশই জাহিৰক ভূৱা মুছলমান বুলি উপহাস কৰাৰ লগতে ধৰ্ম ত্যাগ কৰিবলৈও দিয়ে উপদেশ!

News18-Assam
Updated:October 28, 2019, 10:43 PM IST
‘দীপাৱলী উদযাপন কৰা জাহিৰ খান ভুৱা মুছলমান, আল্লাক জাহিৰে কেনেকৈ মুখ দেখুৱাব?’ জাহিৰ খানক চৰম তাচ্ছিল্ল একাংশৰ
একাংশই জাহিৰক ভূৱা মুছলমান বুলি উপহাস কৰাৰ লগতে ধৰ্ম ত্যাগ কৰিবলৈও দিয়ে উপদেশ!
News18-Assam
Updated: October 28, 2019, 10:43 PM IST
পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বলাৰ জাহিৰ খানে। পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰা ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰো কৰিছিল জাহিৰে।কিন্তু ছচিয়েল মিডিয়াত দীপাৱলী উদযাপনৰ ফটো শ্বেয়াৰ কৰাৰ পিছতে একাংশ মুছলমান সংগঠনে তীব্ৰ সমালোচনা কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকাজনক। ঘৰত পূজা দীপাৱলী উদযাপন কৰাৰ বাবে জাহিৰক ভুৱা মুছলামনো আখ্যা দিছে  বিভিন্ন জনে। সেইদৰে নিজকে পায়চিত্ত কৰিবলৈ দিছে নামাজ পঢ়াৰ উপদেশ।



জাহিৰ খানে নিজৰ পত্নীৰ সৈতে দীপাৱলী উদযাপনৰ ফটো শ্বেয়াৰ কৰাৰ পিছতে একাংশই কৰে আপত্তি জনক মন্তব্যই। দীপাৱলী উদযাপন কৰাৰ বাবে জাহিৰক একাংশই প্ৰশ্ন কৰে, ‘আজি লৈকে দেখিছেনে হিন্দু ক্ৰিকেটাৰে ঈদ উদযাপন কৰা’।আল্লাক জাহিৰ খানে কেনেকৈ মুখ দেখাব?’ আদি বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰা দেখিবলৈ পোৱা যায়।

আৰু চাওক পৰৱৰ্তী বাতৰি