বেজী-সূতাৰে গুৰুজনাৰ সৃষ্টি গামোচাত লিপিবদ্ধ কৰিলে বাক্সাৰ যুৱকে। অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত।

News18 Assam | News18-Assam
Updated:June 10, 2021, 4:15 PM IST
বেজী-সূতাৰে গুৰুজনাৰ সৃষ্টি গামোচাত লিপিবদ্ধ কৰিলে বাক্সাৰ যুৱকে। অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত।
binary comment

"কৰতল কমল কমল দল নয়ন" পদ্যটি বেজী আৰু সূতাৰে গামোচাত  লিপিবদ্ধ কৰিলে জ্যোতিষে।

  • Share this:
দীৰ্ঘদিনীয়া কষ্ট আৰু সাধনাৰ ফল লাভ কৰিবলৈ সক্ষম হৈছে এজন  যুৱকে। বাক্সা জিলাৰ মুছলপুৰ বৰিমাখাৰ এইগৰাকী যুৱকৰ নাম জ্যোতিষ শৰণীয়া। জ্যোতিষ শৰণীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা "কৰতল কমল কমল দল নয়ন" কবিতাটি বেজী আৰু সূতাৰে গামোচাত  লিপিৱদ্ধ কৰি " অসম বুক অফ ৰেকছৰ্ড" (Assam Book of Records)ত নাম অন্তভূক্ত কৰিবলৈ সক্ষম হয় ৷

দেৱেন শৰণীয়াৰ পুত্ৰ জ্যোতিষ পেছাত এগৰাকী শিক্ষক ৷ নলবাৰী নমাটি এম ই স্কুলৰ শিক্ষক জ্যোতিষ শৰণীয়াৰ সৰুৰে পৰা  চিত্ৰ শিল্পৰ প্ৰতি ৰাপ আছিল ৷ স্থানীয় বৈদ্যশ্ৰী মিউজিক কলেজৰ পৰা ফাইন আৰ্টছৰ ডিপ্লমা গ্ৰহণ কৰি চিত্ৰ শিল্পৰ সৈতে জড়িত হৈ পৰে জ্যোতিষ।

সৰুৰে পৰাই জ্যোতিষ শৰণীয়াই বিশেষকৈ প্ৰভাৱান্বিত হৈ আহিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ জীৱন দৰ্শনৰ প্ৰতি ৷ উল্লেখ্য  নমাটি এম ই স্কুলৰ পূৰ্বে জ্যোতিষে আন এখন বিদ্যালয়ত শিক্ষকতা কৰিছিল ৷ সেই বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ দিনা উপহাৰ হিচাপে লাভ কৰা গামোছাখনতে  লিপিবদ্ধ কৰিলে মহাপুৰুষ জনাই ৰচনা কৰা কবিতাটি ৷ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে  মহাপুৰুজনাই ৰচনা কৰা গোটেই কবিতাটো লিপিবদ্ধ কৰিছিল চিত্ৰ শিল্পীজনে।

পিছত তেওঁৰ সকলো শিল্প কৰ্মৰ তথ্য অসম বুক অফ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰাত তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে ৷ জ্যোতিষে ভৱিষ্যতে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ (India Books of Record)ত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে ৷
Published by: Manjumoni Borah
First published: June 10, 2021, 4:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি