SBI¸ ষ্টেট বেংক অৱ ইণ্ডিয়া। দেশৰ সবাতোকৈ ডাঙৰ বৃত্তীয় প্ৰতিষ্ঠান SBI। প্ৰতিমূহুৰ্তত গ্ৰাহকৰ সুৰক্ষাৰ বাবে সদা প্ৰস্তুত SBI। বিগত কেইদিন মানৰ পৰা SBIৰ গ্ৰাহকলৈ SBI-এ এক বিশেষ মেছেজ দিছে। বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। যদিহে গ্ৰাহকে বেংকে জাৰি কৰা নিৰ্দেশ অমান্য কৰে। কিনো এই মেছেজ¸ বিতংকৈ জানো আহক।
বেংকে পঠোৱা সতৰ্কবাণী এই মেছেজত প্ৰতিজন SBI গ্ৰাহকক KYC (Know Your Customer) আপডেট কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছে। অন্যথা KYC আপডেট নহ’লে বন্ধ হৈ যাব পাৰে একাউণ্ট। KYC আপডেট নহ’লে কোনো ধৰনৰ বেংক ট্ৰেনজেক্চন কৰিব নোৱাৰিব গ্ৰাহকে। বিশেষকৈ RBI(ৰিৰ্জভ বেংক অফ ইণ্ডিয়া)ই KYC আপডেট জৰুৰী কৰিছে SBIৰ বাবে। SBI–এ এইবাবেই KYC আপডেটৰ বাবে মেছেজ দিছে গ্ৰাহকলৈ। KYC আপডেটৰ বাবে আপোনাৰ কাষৰ SBI শাখালৈ গৈ KYC পত্ৰ ভৰ্তি কৰি নিজৰ একাউণ্ট আপডেট কৰিব পাৰে। KYC যদি আপডেট নকৰে, ভৱিষ্যতে বেংকে আপোনাৰ একাউন্ট বন্ধ কৰি দিবও পাৰে।
কি এই KYC(Know Your Customer) - KYC আপডেট দিয়াটো প্ৰতিজন SBI গ্ৰাহকৰ বাবে জৰুৰী। বেংক আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্ক সঠিক মজবুত ৰখাত সহায় কৰে KYC-এ। বেংকত নতুনকৈ একাউণ্ট খোলা, মিচ্যুৱেল ফাণ্ড জমা কৰা, পি এফ উলিওৱাৰ সময়ত, বৃত্তীয় কিছু বেংক লেনদেনৰ ক্ষেত্ৰত KYC খুবেই জৰুৰী। KYCৰ জৰিয়তে বেংকে সকলো সম্ভেদ পায় গ্ৰাহকৰ। যাতে গ্ৰাহকে বেংকৰ কোনো একাউণ্টক অসৎভাৱে অপকৰ্মত ব্যৱহাৰ কৰিব নোৱাৰে। SBIৰ মুখ্য ৱেবছাইটত উপলব্ধ KYC পত্ৰ।
kyc ৰ কাৰনে কি কি তথ্যপ্ৰমাণ পত্ৰ লাগিব¸ জানি থওঁক–
পৰিচয় পত্ৰ
ড্ৰাইভিং লাইচেন্স
আধাৰ কাৰ্ড
ভোটাৰ পৰিচয় পত্ৰ
এনৰেগা কাৰ্ডইয়াৰে যিকোনো এখন সঠিক তথ্য প্ৰমাণ পত্ৰ দিলেই KYCৰ সৈতে অন্তৰ্ভুক্ত হ’ব পাৰিব।
ইয়াৰো পৰি KYC পত্ৰ পূৰণৰ বাবে বেংক পাছবুকৰ শেহতীয়া আপডেট (তিনিমাহৰ বেছি হব নোৱাৰিব), ৰেচন কাৰ্ড, বিজুলী বিল, বাৰ্ষিক ইনকাম পত্ৰ দেখুৱাই KYCত অৰ্ন্তভুক্ত কৰিব পাৰিব।
যদি স্কুল–কলেজৰ ছাত্ৰৰ ক্ষেত্ৰত হয় তেন্তে, বিশ্ববিদ্যালয় নতুবা ব’ৰ্ডৰ ছাৰ্টিফিকেট নতুবা স্কুল পৰ্যায়ৰ প্ৰমাণ পত্ৰ, পিতৃৰ প্ৰমাণ পত্ৰৰে অন্তৰ্ভুক্ত হ’ব পাৰিব KYCত। KYC প্ৰতিজন গ্ৰাহকৰ বাবে প্ৰয়োজন। যিয়ে গ্ৰাহকৰ একাউণ্ট সুৰক্ষিত কৰি ৰখাৰ লগতে বেংকৰ লগত এক সম্বন্ধ গঢ়ি তোলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|