• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Hair Fall Tips :মূলত: এই ৪টা বদঅভ্যাসৰ কাৰণ চুলি সৰিবলৈ লয় , চিৰদিনৰ বাবে হৈ পৰে দুৰ্বল, জানোঁ আহক সবিশেষ...

Hair Fall Tips :মূলত: এই ৪টা বদঅভ্যাসৰ কাৰণ চুলি সৰিবলৈ লয় , চিৰদিনৰ বাবে হৈ পৰে দুৰ্বল, জানোঁ আহক সবিশেষ...

যদি আপোনাৰ চুলি  (Hair) বেছিকৈ সৰিছে (Fall) আৰু যদি আপুনি ইয়াৰ কাৰণ জানিিবলৈ বিছাৰে তেন্তে আমি আপোনাক জনাম ইয়াৰ সবিবেষ।

যদি আপোনাৰ চুলি (Hair) বেছিকৈ সৰিছে (Fall) আৰু যদি আপুনি ইয়াৰ কাৰণ জানিিবলৈ বিছাৰে তেন্তে আমি আপোনাক জনাম ইয়াৰ সবিবেষ।

যদি আপোনাৰ চুলি (Hair) বেছিকৈ সৰিছে (Fall) আৰু যদি আপুনি ইয়াৰ কাৰণ জানিিবলৈ বিছাৰে তেন্তে আমি আপোনাক জনাম ইয়াৰ সবিবেষ।

  • Share this:
সৌন্দৰ্যৰ ক্ষেত্ৰত অৰ্থাৎ ধুনীয়া লাগিবলৈ হ'লে চুলি (Hair)খিনি ধুনীয়া আৰু স্বাস্থ্যবান হোৱাটো বিশেষ ভাৱে জৰুৰী। ইয়াৰ বাবে আমি অৱশ্যেই চুলিটাৰিৰ যত্ন লোৱা আৰু পৰিচৰ্যাৰ বাবে সময় উলিয়াব লাগিব। পিছে আজিকালি ব্যস্ততা পূৰ্ণ জীৱনত মানুহৰ মাজত সময়ৰ খুব নাটনি, যাৰ কাৰণে চুলিৰ পৰিচৰ্যাৰ বাবে সময় উলিয়াব নোৱাৰে। ফলত চুলি সৰা (Hair Fall) এটা সাধাৰণ ঘটনা হৈ পৰিছে। এনে অৱস্থাত আমি চুলি ৰ অপকাৰ সাধন কৰা কিছুমান বেয়া অভ্যাস ত্যাগ কৰি চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰো

এইবোৰ কাৰণত চুলি সৰে আৰু ছিগে-

1. মাত্ৰাধিক চিন্তা। কিছুমান মানুহে সৰু সৰু কথাতে ইমান বেছি চিন্তা কৰে যে যাৰ প্ৰভাৱ শৰীৰত পৰিবলৈ আৰম্ভ কৰে। আমাৰ চুলিটাৰিৰ স্বাস্থ্যটো ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰে।এনেক্ষেত্ৰত অধিক চিন্তা কৰাতকৈ যি কোনো সমস্যা সহজভাবে কেনেকৈ সমাধান কৰিব পাৰি সেইটোহে শিকিব লাগে। এনে কৰিলে শৰীৰৰ লগতে চুলিটাৰিও স্বাস্থ্যবান হৈ থাকিব।

2. নিম্নমানৰ হেয়াৰ প্ৰডাক্টৰ ব্যৱহাৰ: 

নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ বহু মানুহে হেয়াৰ প্ৰডাক্ট কিনাৰ সময়ত প্ৰডাক্টতৰ গুণগত মানদণ্ডতকৈ প্ৰডাক্টৰ দাম,বিজ্ঞাপন আদিৰ ওপৰত গুৰুত্বদি প্ৰডাক্ট কিনে। ফলত চুলি ক্ষতি সাধন হয়।গতিকে প্ৰডাক্ট কিনাৰ সময়ত চুলিৰ টেক্সাৰ অনুসৰিহে,হেয়াৰ প্ৰডাক্ট,যেনে-চম্পু , হেয়াৰ মাক্স আদি কিনিব লাগে।

3. পৰীক্ষণৰ অভ্যাস :

কিছুমান মানুহৰ ফেশ্বনৰ লগতে ছাল আৰু চুলিৰ বিভিন্ন প্ৰডাক্টৰ পৰীক্ষা নিৰীক্ষা কৰি আনন্দ লাভ কৰে।এনে কৰোতে কেতিয়াবা কিছুমান ক্ষতিকাৰক প্ৰডাক্ট হাতত পৰে যাৰ ফলত চুলি আৰু ছালৰ ব্যপক ক্ষতিসাধন হয় গতিকে বিশেষজ্ঞৰ সহায় নোলোৱাকৈ চুলি বা ছালৰ পৰীক্ষা নিৰীক্ষা কৰিব নালাগে।

4. হিটিং টোলৰ অধিক প্ৰয়োগ :

ফেশ্বনৰ নামত বহু মানুহে Heating Toolsৰ প্ৰয়োগ কৰা দেখা যায়। ইয়াৰ প্ৰয়োগে চুলিটাৰি দেখাত ধুনীয়া কৰে যদিও চুলখিনিৰ বিস্তৰ ক্ষতি সাধন কৰে। (Disclaimer : এই নিবন্ধটিত প্ৰকাশিত  তথ্যবোৰ সাধাৰণ তথ্যৰ ওপৰত নিৰ্ধাৰিত। ইয়াৰ বাবে নিউজ-১৮ অসম নৰ্থইষ্ট জগৰীয়া নহয় আৰু এইবোৰ প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰি ল'ব )।
Published by:Manjumoni Borah
First published: