உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Dreams and their meanings: এই সপোন যদি আপুনি দেখিছে তেন্তে ভাল দিন সমাগত, সলনি হৈ পৰিব আপোনাৰ জীৱন!

    Dreams and their meanings: এই সপোন যদি আপুনি দেখিছে তেন্তে ভাল দিন সমাগত, সলনি হৈ পৰিব আপোনাৰ জীৱন!

     সামুদ্ৰিক শাস্ত্ৰ মতে, আমি দেখা সপোনৰ থাকে বহু বিশেষত্ব।

    সামুদ্ৰিক শাস্ত্ৰ মতে, আমি দেখা সপোনৰ থাকে বহু বিশেষত্ব।

    সামুদ্ৰিক শাস্ত্ৰ মতে, আমি দেখা সপোনৰ থাকে বহু বিশেষত্ব।

    • Share this:
    নিশা শুৱাৰ সময়ত সপোন দেখাতো এক স্বাভাৱিক প্ৰক্ৰিয়া। সকলো মানুহেই সপোন দেখে! কিন্তু সামুদ্ৰিক শাস্ত্ৰ মতে, আমি দেখা সপোনৰ থাকে বহু বিশেষত্ব। কিছুমান সপোনক অশুভ বা কিছুমান সপোনক শুভ লক্ষণ বুলিও বহুতে বিশ্বাস কৰি আহিছে। বহুতে কয় যে, দিনত আমি ভাবি থকা কথা বোৰকে নিশা কেতিয়াবা সপোনত দেখা যায়। কিছুমান সপোনে আমাৰ মন বেয়া কৰাৰ বিপৰীতে, কিছুমান সপোনে মনলৈ শান্তি আনে। কিন্তু এনে কিছু সপোন আছে, যি দেখিলে আমাৰ ভাগ্য সলনি হৈ পৰে বুলি কব বিচাৰে সামুদ্ৰিক শাস্ত্ৰই।

    • সপোনত নিজকে উৰি যোৱা দেখিলেঃ সামুদ্ৰিক শাস্ত্ৰই ক'ব খোজে যে, সপোনৰ নিজকে উৰি যোৱা দেখিলে ভাল দিনৰ আগমন বুলি বিশ্বাস কৰা হয়। এনে সপোন দেখিলে ব্যক্তি জনৰ মনৰ আশা পূৰণ হয় বুলিও বিশ্বাস কৰা হয়। কিন্তু মনোবৈজ্ঞানিক দৃষ্টিভংগী অনুসৰি, সপোনত উৰা দেখিলে আত্মবিশ্বাস বৃদ্ধি হয়।

    • সপোনত জলপ্ৰপাত দেখিলেঃ সপোনত জলপ্ৰপাত  দেখিলে শুভ বুলি ধৰা হয়। এনে সপোনৰ দেখা মানে, দুখৰ সময়ৰ অন্ত হয় আৰু সুখৰ জীৱনৰ আৰম্ভণি হয়।মনোবৈজ্ঞানিক দৃষ্টিভংগী অনুসৰি, এনে সপোনে মানসিক ভাৱে ঋণাত্মক দিশবোৰ সমাপ্ত কৰে।

    • সপোনত বগা ৰঙৰ মাছ ধৰা দেখিলেঃ শাস্ত্ৰ মতে, সপোনত বগা ৰঙৰ মাছ ধৰা দেখিলে আৰ্থিক ভাবে ভাল দিনৰ আৰম্ভণি হোৱাৰ ইংগিত দিয়ে।

    • সপোনত হাতী দেখিলেঃ সপোনত হাতী দেখিলে শুভ ইংগিত বহন কৰে বুলিও বিশ্বাস আছে। ইয়াৰ ফলত সম্পত্তি লাভ কৰাৰ লগতে মনৰ আশা  পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

    Published by:Himangshu Bhuyan
    First published: