কিয় আপোনাৰ নৱজাতকটিক আনক চুমা খাব দিব নালাগে?

কেৱল আন মানুহেই নহয়, আপুনি আৰু আপোনাৰ সংগীয়েও শিশুটিৰ সুৰক্ষাৰ বাবে এই কাম কৰা উচিত নহয়।
কেৱল আন মানুহেই নহয়, আপুনি আৰু আপোনাৰ সংগীয়েও শিশুটিৰ সুৰক্ষাৰ বাবে এই কাম কৰা উচিত নহয়।
- News18 Assam
- Last Updated: February 21, 2021, 11:57 AM IST
নৱজাতক শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, যাৰ বাবে অত্যন্ত যতন লোৱা প্ৰয়োজন। কোনো ধৰণৰ ভাইৰাছ বা বেক্টেৰিয়াৰ সম্পৰ্কলৈ আহিলে অসুস্থ হৈ পৰিব পাৰে আপোনাৰ মৰমৰ কণমানিটি। কোৱা হয় যে নৱজাতকক স্পৰ্শ কৰাৰ আগতে হাত ভালকৈ ধুব লাগে কাৰণ আমাৰ হাত দুখন বহু ৰোগৰ বাহক। তেনেদৰেই আমাৰ মুখমণ্ডলো হাজাৰ হাজাৰ অনুজীৱৰে ভৰি থাকে। তেনেদৰেই চুম্বন কৰিলে আপোনাৰ শিশুটিৰ দেহলৈ সেই বীজাণুসমূহ গুচি যাব পাৰে।
শিশুসকল HSV-1ৰ বা Herpes Simplex Virusৰ পৰা অসুৰক্ষিত। এই ভাইৰাছৰ ফলত বয়স্কসকলৰ মুখ আৰু ওঁঠৰ আশে–পাশে ঘা হয়। কেতিয়াবা বয়স্ক লোকসকলৰ ভিতৰত বিশেষ লক্ষণো দেখা যায় এই ভাইৰাছৰ ফলত, কিন্তু শিশুৰ বাবে ই ঘাতক ৰূপ ল’ব পাৰে। কিছুমান লোকৰ ওঁঠত শীতল ঘা হ’ব পাৰে, চুম্বনৰ ফলত সেই ভাইৰাছ আনলৈ যাব পাৰে। ৪০ বছৰ বয়সলৈ ৯০ শতাংশ মানুহ এই ভাইৰাছৰ সম্পৰ্কলৈ আহে আৰু ই নৱজাতক শিশুলৈ বিয়পিব পাৰে। আনকি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকে যদি শিশুৰ হাত স্পৰ্শ কৰে,তাৰ পিছত শিশুটিয়ে চকু, হাত–মুখ স্পৰ্শ কৰে তেন্তে এই ভাইৰাছ বিয়পিব পাৰে। কম ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে দ্ৰুতগতিত ভাইৰাছ বিয়পিব পাৰে।