মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »দেশৰ পৰিবহণ বিভাগৰ ডাঙৰ সিদ্ধান্ত ! ১৫ ছেপ্টেম্বৰৰ পিছত আপোনাৰ গাড়ীত ৰাজ্যৰ সলনি দেশৰ নম্বৰপ্লেট ব্যৱহাৰ কৰিব পাৰিব ...

দেশৰ পৰিবহণ বিভাগৰ ডাঙৰ সিদ্ধান্ত ! ১৫ ছেপ্টেম্বৰৰ পিছত আপোনাৰ গাড়ীত ৰাজ্যৰ সলনি দেশৰ নম্বৰপ্লেট ব্যৱহাৰ কৰিব পাৰিব ...

BH Number : দেশৰ যিকোনো নাগৰিকে বিচাৰিলে ৰাজ্যৰ নম্বৰৰ সলনি ব্যৱহাৰ কৰিব পাৰিব দেশৰ নম্বৰ প্লেট।

BH Number : দেশৰ যিকোনো নাগৰিকে বিচাৰিলে ৰাজ্যৰ নম্বৰৰ সলনি ব্যৱহাৰ কৰিব পাৰিব দেশৰ নম্বৰ প্লেট।

BH Number : দেশৰ যিকোনো নাগৰিকে বিচাৰিলে ৰাজ্যৰ নম্বৰৰ সলনি ব্যৱহাৰ কৰিব পাৰিব দেশৰ নম্বৰ প্লেট।

  • Share this:
BH Number : দেশৰ যিকোনো নাগৰিকে বিচাৰিলে ৰাজ্যৰ নম্বৰৰ সলনি ব্যৱহাৰ কৰিব পাৰিব দেশৰ নম্বৰ প্লেট।

আপুনি অসমৰ নাগৰিক। গতিকে গাড়ীৰ নম্বৰৰ প্ৰথমতে ৰাজ্যক বুজাবলৈ ব্যৱহাৰ হয় AS তাৰ পিছত জিলাৰ বাবে সংখ্যা তাৰ পিছত আপোনাৰ গাড়ীৰ চাৰি সংখ্যাৰ নম্বৰ। কিন্তু কোনোবা ব্যক্তি চাকৰি অথবা ব্যৱসায়িক কাৰণত ৰাজ্য এৰি বহিঃৰাজ্যলৈ গ'লে নম্বৰ পৰিবৰ্তনৰ সমস্যা থাকিয়ে যায়। এনেবোৰ সমস্যাৰ পৰা স্থায়ী সমাধান দিবলৈ এইবাৰ নতুন পদক্ষেপৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
শনিবাৰে পথ-পৰিবহন বিভাগে এক বিবৃতি যোগে ঘোষণা কৰে যে এতিয়াৰে পৰা দেশৰ যিকোনো ৰাজ্যৰ যিকোনো নাগৰিকে বিচাৰিলে তেওঁৰ গাড়ীৰ নম্বৰ ৰাজ্যৰ সলনি দেশৰ অৰ্থাৎ BH কৰি লব পাৰিব। জানিব পৰা মতে এই নতুন ব্যৱস্থা ১৫ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হ'ব । এই নতুন নিয়ম কাৰ্যকৰী হলে ৰাজ্য পৰিৰ্বতন কৰিলে গাড়ীৰ নম্বৰৰ পৰিবৰ্তনৰ সমস্যা নাইকিয়া হৈ যাব।
মূলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, সেনা বাহিনীত কৰ্মৰত ব্যক্তি আৰু বেচৰকাৰী কৰ্মচাৰী যাৰ পাচঁ বা অধিক ঠাইত কাৰ্য্যালয় আছে তেওঁলোকে এই সুবিধাৰ বাবে আবেদন কৰিব পাৰিব।

বৰ্তমানৰ সময়ত ভিন্ন ৰাজ্যলৈ চাকৰি আথবা ব্যৱসায় বিচাৰি যোৱা লোকৰ বাবে এই ব্যৱস্থাই সুবিধা প্ৰদান কৰিব। যি ব্যক্তিয়ে এই সুবিধা লব বিচাৰে অৰ্থাৎ BH নম্বৰ লব বিচাৰে, তেওঁলোকৰ ৰোড টেক্স ক্লিয়াৰ থাকিব লাগিব আৰু নম্বৰ পৰিবৰ্তনৰ কাৰণ তথ্য সহ  উল্লেখ কৰি পৰিবহন বিভাগত নথি পত্ৰ জমা কৰিব লাগিব।

শেহতীয়া বাতৰি