• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Explained : N95 আৰু KN95 মাস্ক কিমানবাৰ ব্যৱহাৰ কৰিব পাৰি? কি কয় বিশেষজ্ঞই? আপুনি জানি লোৱাটো দৰকাৰ

Explained : N95 আৰু KN95 মাস্ক কিমানবাৰ ব্যৱহাৰ কৰিব পাৰি? কি কয় বিশেষজ্ঞই? আপুনি জানি লোৱাটো দৰকাৰ

এই বিষয়ে ভালকৈ ক’ব পাৰিব বিশেষজ্ঞসকলে। চাওক এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে।

এই বিষয়ে ভালকৈ ক’ব পাৰিব বিশেষজ্ঞসকলে। চাওক এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে।

এই বিষয়ে ভালকৈ ক’ব পাৰিব বিশেষজ্ঞসকলে। চাওক এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে।

  • Share this:
মাস্ক বৰ্তমান এক খুব গুৰুত্বপূৰ্ণ সামগ্ৰী। এতিয়া সকলো সময়তে নিজৰ সৈতে এই মাস্ক ৰখাটো আটাইতকৈ প্ৰয়োজনীয়। সকলোৰে দৈনন্দিত জীৱনৰ এক গুৰুত্বপূৰ্ণ বস্তু হৈ পৰিছে মাস্ক। কিন্তু সকলোৰে মনত মাস্কক লৈ আছে বিভিন্ন প্ৰশ্ন। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল N95 মাস্ক আৰু KN95 মাস্ক কিমানবাৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি। এই বিষয়ে ভালকৈ ক’ব পাৰিব বিশেষজ্ঞসকলে। চাওক এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে।

আমেৰিকাৰ চেণ্টাৰ অব ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচনে জনাইছে যে স্বাস্থ্যকৰ্মীসকলে এখন এন৯৫ মাস্ক প্ৰায় ৫বাৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু সেয়া নিৰ্ভৰ কৰে কিমান সুৰক্ষিতভাৱে সেই মাস্ক ব্যৱহাৰ কৰিছে তাৰ ওপৰত। কিন্তু সেই মাস্ক পিন্ধি বজাৰ আৰু বিভিন্ন স্থানত যোৱা উচিত নহয়। কাৰণ সমগ্ৰ দিনটো সেই মাস্ক ব্যৱহাৰ কৰা উচিত নহয়। মাস্কক লৈ অধ্যয়ন কৰা কেলিফৰ্ণিয়া ইনষ্টিটিউট অব টেকন’লজীৰ ৰিচাৰ্ড ফ্লেগানে জনাইছে যে সাধাৰণতে এন৯৫ মাস্ক দুইৰ পৰা তিনিদিনৰ বেছি ব্যৱহাৰ কৰা উচিত নহয়।

কেলিফৰ্ণিয়া ইনষ্টিটিউট অব টেকন’লজীৰ ৰিচাৰ্ড ফ্লেগানে জনাইছে যে মাস্ক পিন্ধি শ্বাস–প্ৰশ্বাস লোৱাৰ ফলত তাৰ মাজত বিভিন্ন ধৰণৰ পাৰটিকেল জমা হৈ থাকে। আৰু মাস্কৰ বাহিৰত বিভিন্ন ধৰণৰ বীজাণু লাগি থাকিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত এন৯৫ মাস্ক কেতিয়াও ধুই ব্যৱহাৰ কৰা উচিত নহয়। এখন এন৯৫ মাস্ক দুইৰ পৰা তিনিদিন ব্যৱহাৰ কৰি সেয়া পেলাই দিয়া উচিত। কোৰোণাৰ ক্ষেত্ৰত আটাইতকৈ সুৰক্ষিত মাস্ক হ’ল এন৯৫ মাস্ক।

আমেৰিকাৰ চেণ্টাৰ অব ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচনে লক্ষ্য কৰিছে যে এজন কোৰোণাৰ ৰোগীয়ে যদি কোনো মাস্ক নিপিন্ধে তেন্তে তেওঁৰ সন্মুখত ৬ ফুট দূৰত থকা মানুহক সংক্ৰমিত কৰিব পাৰে মাত্ৰ ১৫ মিনিটতে। এই৭েত্ৰত কোৰোণা ৰোগী আৰু তেওঁৰ সন্মুখত থকা ব্যক্তিয়ে যদি কাপোৰৰ মাস্ক পিন্ধে তেন্তে সংক্ৰমণ বিয়পাবলৈ সময় লাগিব ২৭ মিনিট। একেদৰে কোৰোণা ৰোগীয়ে মাস্ক নিপিন্ধিলে আৰু সন্মুখত থকা ব্যক্তিয়ে ছাৰ্জিকেল মাস্ক পিন্ধি থাকিলে সংক্ৰমণ বিয়পিবলৈ ৩০ মিনিট লাগিব। কিন্তু সেই কোৰোণা ৰোগীগৰাকীয়ে যদি এন৯৫ মাস্ক পিন্ধি থাকে আৰু তেওঁৰ সন্মুখত থকা ব্যক্তিয়েও যদি এন৯৫ মাস্ক পিন্ধি থাকে তেন্তে সংক্ৰমণ বিয়পিবলৈ সময় লাগে প্ৰায় ২৫ ঘণ্টা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি