সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ! ২৫০ টকাতেই খোলক এই একাউণ্ট, বিয়াৰ সময়ত লাভ কৰক ১৫ লাখ

News18 Assam | News18-Assam
Updated:June 11, 2021, 1:19 PM IST
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ! ২৫০ টকাতেই খোলক এই একাউণ্ট, বিয়াৰ সময়ত লাভ কৰক ১৫ লাখ
কন্যা সন্তান জন্ম হোৱাৰ লগে লগেই অভিভাৱকসকলে সস্তীয়া আৰু ভাল বিনিয়োগ নীতি লোৱাৰ পৰিকল্পনা আৰম্ভ কৰে।

কন্যা সন্তান জন্ম হোৱাৰ লগে লগেই অভিভাৱকসকলে সস্তীয়া আৰু ভাল বিনিয়োগ নীতি লোৱাৰ পৰিকল্পনা আৰম্ভ কৰে।

  • Share this:
কন্যা সন্তান জন্ম হোৱাৰ লগে লগেই অভিভাৱকসকলে সস্তীয়া আৰু ভাল বিনিয়োগ নীতি লোৱাৰ পৰিকল্পনা আৰম্ভ কৰে। যাতে তেওঁলোকৰ ছোৱালীৰ ভৱিষ্যত ভাল হয়, অধ্যয়ন আৰু বিবাহত কোনো বাধা নাহে। আৰু ইয়াৰ বাবেই চৰকাৰে কন্যাসকলৰ বাবে উন্নত ভৱিষ্যতৰ বাবে বহুতো আঁচনি চলাই আছে। এনে পৰিস্থিতিত, যদি আপুনি আপোনাৰ ছোৱালীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কিছু বিনিয়োগ কৰাৰ প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি পঞ্জাৱ নেচনেল বেংক (PNB)ত সুকন্যা সমৃদ্ধি যোজনা (Sukanya Samriddhi Yojana)ৰ অধীনত এটা একাউণ্ট খুলিব পাৰে। PNBত মাত্ৰ ২৫০ টকা বিনিয়োগ কৰি, আপুনি আপোনাৰ ছোৱালীৰ বিয়াৰ পৰা তাইৰ পঢ়াশুনাৰ বাবে এক বৃহৎ পৰিমাণৰ ধন সাঁচিব পাৰে। সেয়েহে জানি লওক ইয়াৰ বিষয়ে সকলো কথা -

এই আঁচনিৰ সৈতে জড়িত মুখ্য় বিষয়বোৰ -

যদি আপুনি PNBত সুকন্যা সমৃদ্ধি একাউণ্ট এটা খুলিব বিচাৰে, তেন্তে আপুনি ন্যূনতম ২৫০ টকা জমা কৰিব লাগিব। আনহাতে আপুনি সৰ্বাধিক ১,৫০,০০০ টকালৈকে জমা কৰিব পাৰে। কন্যাৰ ২১ বছৰ নোহোৱালৈকে এই একাউণ্টটো চলাব পাৰিব। আপুনি বিচাৰিলে কন্যাৰ ১৮ বছৰ বয়সত আপুনি মেচিউৰিটিৰ ধন উলিয়াবও পাৰিব।

এটা পৰিয়ালৰ পৰা দুগৰাকী কন্যাৰ বাবে একাউণ্ট-

PNBত, এটা পৰিয়ালৰ পৰা সৰ্বাধিক দুগৰাকী কন্যাৰ বাবে একাউণ্ট এটা খুলিব পাৰি। এই আঁচনিত পিতৃ-মাতৃ বা অভিভাৱকে এগৰাকী কন্যাৰ নামত PNBত কেৱল এটা একাউণ্ট খুলিব পাৰে। কন্যাৰ বয়স ১০ বছৰৰ তলৰ হ'ব লাগিব আৰু মেচিউৰিটিৰ ধন ১৮ বছৰ সম্পূৰ্ণ হ'লেহে উলিয়াব পাৰিব।

মেচিউৰিটিৰ সময়ত লাভ কৰি ১৫ লাখ টকা -

যদি আপুনি এই আঁচনিত প্ৰতি মাহে ৩,০০০ টকা বিনিয়োগ কৰে অৰ্থাৎ বছৰি ৩৬,০০০ টকা । তেন্তে আপুনি ১৪ বছৰৰ পিছত ৭.৬ শতাংশ বাৰ্ষিক কম্পাউণ্ডিঙত ৯,১১,৫৭৪ টকা লাভ কৰিব। পৰিমাণটো ২১ বছৰৰ বাবে হ'লে প্ৰায় ১৫,২২,২২১ টকা হ'ব। বৰ্তমানে এই আঁচনিত ৭.৬ শতাংশ হাৰত সুত দি থকা হৈছে, য'ত আয়কৰ ৰেহাই প্ৰদান কৰা হৈছে।

একাউণ্ট খুলিবলৈ জমা দিব লাগিব এইসমূহ নথিপত্ৰ -

PNBৰ যিকোনো শাখাতেই খুলিব পাৰিব সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট। সুকন্যা সমৃদ্ধি একাউণ্ট খোলাৰ বাবে প্ৰ-পত্ৰ, শিশুৰ জন্মৰ প্ৰমাণ পত্ৰ, জমাকৰ্তা (পিতৃ-মাতৃ বা অভিভাৱক)ৰ পৰিচয় পত্ৰ যেনে পেন কাৰ্ড, ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপোৰ্ট ইত্যাদি জমা দিব লাগিব। জমাকৰ্তাৰ ঠিকনাৰ বাবে পাছপোৰ্ট, ৰেচন কাৰ্ড, বিদ্যুতৰ বিল, টেলিফল বিল আদি জমা দিব পাৰিব। আৰু ধন জমা কৰিবলৈ নেট বেংকিং ব্যৱহাৰ কৰিব পাৰিব।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 1:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি