সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে প্ৰতিগৰাকী পিতৃ-মাতৃয়ে ভিন্ন আঁচনি তথা যোজনাত ধন বিনিয়োগ কৰে। প্ৰায়সংখ্যক লোকেই শিশুৰ শিক্ষা, বিবাহ আৰু অন্যান্য ব্যয়ৰ বাবে বিনিয়োগৰ আঁচনি বাচি লয়। যদি আপুনিও আপোনাৰ সন্তানৰ বাবে বিনিয়োগৰ পৰিকল্পনা কৰি আছে তেন্তে আজি আমি আপোনাক এক সুন্দৰ বিনিয়োগ আঁচনিৰ বিষয়ে অৱগত কৰিম। দেশৰ সৰ্ববৃহৎ জীৱন বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICয়ে ইয়াৰ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াইছে কেইবাখনো আঁচনি। য'ত গ্ৰাহকসকলে বিনিয়োগ কৰি এক ভাল লাভালাভ লাভ কৰি আহিছে। এই LICৰেই একে ধৰণৰ বিশেষ আঁচনি আছে, যি শিশুসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে। তেনেই এখন হৈছে 'নিউ চিলড্ৰেনছ মানি বেক প্লেন' (LIC New Children's Money Back Plan), যি কেৱল শিশুসকলৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰস্তুত কৰা হৈছে।
সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জীৱন বীমা নিগমে প্ৰৱৰ্তন কৰা এই আঁচনিখনৰ বিষয়ে জানো আহক -
মেচিউৰিটিৰ ম্যাদ - LIC New Children's Money Back Planৰ ম্যাদ হৈছে ২৫ বছৰমানি বেক ইনষ্টলেশ্বন - এই আঁচনিৰ অধীনত এলআইচিয়ে শিশুৰ ১৮ বছৰ, ২০ বছৰ আৰু ২২ বছৰ হোৱাৰ সময়ত বীমাকৃত মৌলিক পৰিমাণৰ ২০-২০ শতাংশ ধন পৰিশোধ কৰে। আঁচনি ধাৰকৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত বাকী ৪০% পৰিশোধ কৰা হ'ব। একে সময়তে সকলো বকেয়া আৰু বানচ পৰিশোধ কৰা হ'ব।
মেচিউৰিটিৰ লাভালাভ - আঁচনিৰ মেচিউৰিটিৰ সময়ত (আঁচনিৰ ম্যাদৰ সময়ত বীমাকাৰীৰ মৃত্যু নহ'লে) পলিচী হোল্ডাৰে বীমা ৰাশিৰ বাকী ৪০% বানচ লাভ কৰিব।
মৃত্যুৰ লাভালাভ - পলিচী হোল্ডাৰৰ মৃত্যুৰ ক্ষেত্ৰত বীমা ৰাশিৰ উপৰিও নিহিত সাধাৰণ প্ৰত্যাৱৰ্তী বানচ আৰু অন্তিম অতিৰিক্ত বানাচ প্ৰদান কৰা হয়। মৃত্যুৰ লাভালাভ মুঠ প্ৰিমিয়াম পৰিশোধৰ ১০৫ শতাংশতকৈ কম নহ'ব।
এই নীতিৰ গুৰুত্বপূৰ্ণ দিশসমূহ.>> এই বীমা লোৱাৰ নিম্নতম বয়স হৈছে 0 বছৰ।
>> বীমা লোৱাৰ সৰ্বাধিক বয়স হৈছে ১২ বছৰ।
>> নিম্নতম বীমাৰ পৰিমাণ হৈছে ১০,০০০ টকা।
>> সৰ্বাধিক বীমা ৰাশিৰ কোনো সীমা নাই।
>> প্ৰিমিয়াম ৱেভাৰ বেনিফিট ৰাইডাৰ-বিকল্পও উপলব্ধ এই আঁচনিত।
FIRST PUBLISHED : June 17, 2021, 13:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।