• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কেন্দ্ৰীয় চৰকাৰে এইসকল লোকক দিছে ৫০ হাজাৰৰ পৰা ১০ লাখ টকা, জানক আপুনি কিদৰে ল'ব পাৰিব এই সুবিধা?

কেন্দ্ৰীয় চৰকাৰে এইসকল লোকক দিছে ৫০ হাজাৰৰ পৰা ১০ লাখ টকা, জানক আপুনি কিদৰে ল'ব পাৰিব এই সুবিধা?

Central Govt Scheme- কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক ভাবে সহায় কৰা হয়। ইয়াৰ অধীনত আপুনি ৫০ হাজাৰ টকাৰ পৰা ১০ লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব।

Central Govt Scheme- কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক ভাবে সহায় কৰা হয়। ইয়াৰ অধীনত আপুনি ৫০ হাজাৰ টকাৰ পৰা ১০ লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব।

Central Govt Scheme- কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক ভাবে সহায় কৰা হয়। ইয়াৰ অধীনত আপুনি ৫০ হাজাৰ টকাৰ পৰা ১০ লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব।

  • Share this:
আপুনি ব্যৱসায় কৰিব বিচাৰে নেকি? যদি ব্যৱসায়ৰ প্লেন কৰিছে, তেন্তে চৰকাৰৰ এইসমূহ আঁচনিৰ বিষয়ে আপুনি জানি লোৱাতো ভাল। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াত ৫০ হাজাৰৰ পৰা ১০ লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য আগবঢ়োৱা হয়।

মুদ্ৰা লোন যোজনাঃ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা চলাই থকা এখন উল্লেখনীয় আঁচনি হৈছে মুদ্ৰা লোন যোজনা। কোনো নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই আঁচনিৰ অন্যতম উল্লেখযোগ্য দিশটো হ'ল- কোনো গেৰেণ্টী অবিহনে লোন লাভ কৰিব লগতে কোনো প্ৰচেচিং ফিজো দিব নালাগে।

মুদ্ৰা লোনত সুতৰ হাৰঃ

প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনি অনুসৰি, কোনো নিশ্চিত সুতৰ হাৰ নাই। বেংকে মুদ্ৰা লোনৰ বাবে বেলেগ বেলেগ সুতৰ হাৰ নিৰ্ধাৰণ কৰে। সাধাৰণতে একেবাৰে নূন্যতম সুতৰ হাৰ হৈছে ১২ শতাংশ।

তিনি ধৰণৰ লোন লাভ কৰিবঃ

আপোনাক কও যে, প্ৰধানমন্ত্ৰী মুদ্ৰা লোন তিনিধৰণৰ আছে। প্ৰথমটো শিশু। দ্বিতীয়টো কিশোৰ আৰু তৃতীয়টো তৰুণ।

শিশু লোন যোজনাঃ লাভ কৰিব ৫০ হাজাৰ টকা।
কিশোৰ লোন যোজনাঃ ৫০ হাজাৰ টকাৰ পৰা ৫ লাখ টকালৈকে লাভ কৰিব।
তৰুণ লোন যোজনাঃ তৰুণ লোন যোজনাত ৫ লাখৰ পৰা ১০ লাখ টকালৈকে লোন লাভ কৰিব।

ক'ৰ পৰা ল'ব পাৰিব লোন-

আপোনাক জনাই দিও যে, চৰকাৰী বেংক, প্ৰাইভেট বেংক, বিদেশী বেংক, গ্ৰামীণ বেংকৰ পৰা এই লোন লব পাৰিব। আৰবিআইয়ে ২৭টা চৰকাৰী বেংক, ১৭টা প্ৰাইভেট বেংক, ৩১টা গ্ৰামীণ বেংক, ৩৬টা মাইক্ৰ ফাইনেন্স সংস্থা আৰু ২৫টা NBFCক মুদ্ৰা লোনৰ বাবে অধিকৃত কৰিছে।

কিদৰে লাভ কৰিব লোনঃ

আপুনি লোন ল'বলৈ অফিচিয়েল ৱেবচাইট http://www.mudra.org.in/ত ভিজিট কৰিব পাৰে। ফৰ্ম ডাউনলোড কৰি আপুনি সকলো ডিটেইলচ ফিল কৰি জৰুৰী ডকুমেণ্ট আপলোড কৰিব লাগিব। বেংকৰ ব্ৰাঞ্চ মেনেজাৰে আপোনাৰ কাম-কাজৰ বিষষে বিশদ ভাবে জানি লব। আৰু সেই অনুসৰি লোন মঞ্জুৰ কৰিব।
Published by:Himangshu Bhuyan
First published: