বহুলোকে ধন সঞ্চয়ৰ বাবে ছেভিংছ একাউণ্টৰ বিপৰীতে বেংকত ফিক্সড ডিপজিট একাউণ্ট (Fixed Deposit) খোলে। আজিও যেতিয়া বিনিয়োগৰ কথা আহে বেছিভাগ লোকে এফডি বা ফিক্সড ডিপজিট (Fixed Deposit)ৰ পৰামৰ্শ দিয়ে। বিনিয়োগৰ ক্ষেত্ৰত এফডি. (FD) উন্নত বিকল্প হিচাপে বিবেচনা কৰা হয়, য'ত নিশ্চিত ৰিটাৰ্ণ প্ৰাপ্ত কৰিব পাৰি। ই সঞ্চয় একাউণ্টত(Saving Account)কৈঅধিক ৰিটাৰ্ণ দিয়ে। আনহাতে, ব্যক্তিগত খণ্ডৰ Yesবেংকে (Yes Bank) ফিক্সড ডিপোজিটৰ সুতৰ হাৰ সলনি কৰিছে। এই পৰিৱৰ্তন ৭ দিনৰ পৰা ১০ বছৰলৈকে লোৱা পৰিকল্পনাত প্ৰযোজ্য হ'ব। বেংকৰ নতুন হাৰ ৩ জুনৰ পৰা কাৰ্যকৰী হৈছে।
এই সাল-সলনিৰ পাছত Yes বেংকে ৭ ৰ পৰা ১৪ দিনৰ ভিতৰত মেচিয়ৰ্ড হোৱা ফিক্সড ডিপোজিটৰ ওপৰত ৩.২৫ শতাংশ সুত আগবঢ়াব। ১৫ ৰ পৰা ৪৫ দিনৰ এফডিবোৰক ৩.৫০ শতাংশ হাৰত সুত প্ৰদান কৰা হ'ব আৰু ৪৬ দিনৰ পৰা ৯০ দিনত মেচিয়ৰ্ড হোৱা ফিক্সড ডিপোজিটে ৪ শতাংশ সুত প্ৰাপ্ত কৰিব। য়েছ বেংকে ৩ ৰ পৰা ৬ মাহৰ ফিক্সড ডিপোজিটৰ ওপৰত ৪.৫ শতাংশ সুত আগবঢ়াব। ৬ ৰ পৰা ৯ মাহত মেচিয়ৰ্ড হোৱা ফিক্সড ডিপোজিটে ৫ শতাংশ হাৰত সুত প্ৰাপ্ত কৰিব।
বেংকে ৯ মাহৰ পৰা এবছৰৰ বাবে ফিক্সড ডিপোজিটৰ ওপৰত ৫.২৫ শতাংশ সুত পৰিশোধ কৰিব। ১ বছৰৰ পৰা ৩ বছৰতকৈ কম ম্যাদপূৰ্তিৰ সৈতে ফিক্সড ডিপোজিটে ৬ শতাংশ সুতৰ হাৰ পাব। ৩ বছৰৰ পৰা ৫ বছৰত মেচিয়ৰ্ড হোৱা ফিক্সড ডিপোজিটে ৬.২৫ শতাংশ সুত লাভ কৰিব। আনহাতে, ৫ ৰ পৰা ১০ বছৰীয়া এফডিয়ে ৬.৫০ শতাংশ সুত লাভ কৰিব।
জ্যেষ্ঠ নাগৰিকৰ বাবে ০.৫-০.৭৫ শতাংশ অধিক সুত -
জ্যেষ্ঠ নাগৰিকসকলে নিয়মীয়া গ্ৰাহকৰ তুলনাত ফিক্সড ডিপোজিটৰ ওপৰত ০.৫০ শতাংশ অধিক সুত লাভ কৰে। অৱশ্যে, জ্যেষ্ঠ নাগৰিকসকলে ৩ ৰ পৰা ১০ বছৰৰ এফডিৰ ওপৰত ০.৭৫ অধিক সুত লাভ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|