টকিঅ’ অলিম্পিক (Tokyo Olympics)ত ৱিনেশ ফোগাতৰ পৰা এটা পদক নিশ্চিত বুলি আশ্বস্ত হৈ আছিল ভাৰত। কিন্তু আশা কৰা ধৰণে অলিম্পিকত প্ৰদৰ্শন কৰিব নোৱাৰিলে ইতিহাস সৃষ্টিকাৰী মল্লযুঁজাৰুগৰাকীয়ে। টকিঅ'ৰ পৰা খালী উভতিছিল ৱিনেশ। কোৱাৰ্টাৰ ফাইনেলতে শেষ হৈছিল ৱিনেশ ফোগাতৰ অলিম্পিক যাত্ৰা।
কিন্তু পদক জয় কৰিব নোৱাৰাতকৈও গুৰুতৰ কথাটো হৈছে টকিঅ’ অলিম্পিকত ৱিনেশ ফোগাতে অপমান কৰিলে নিজ দেশকে। কেইবাটাও বিতৰ্কত সাঙোৰ খাই পৰাৰ পিছত ৱিনেশ ফোগাতক অস্থায়ীভাৱে নিলম্বন কৰিলে ভাৰতীয় মল্লযুঁজ ফেডাৰেচন (WFI)এ। শেহতীয়াকৈ ৱিনেশ ফোগাতৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এই কথা ঘোষণা কৰে ভাৰতীয় মল্লযুঁজ ফেডাৰেচন।
টকিঅ’ অলিম্পিকত ৱিনেশ ফোগাতে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে পালে শাস্তি। অলিম্পিকত ৰাষ্ট্ৰীয় দলৰ স্পনছৰৰ নাম থকা জাৰ্ছী নিপিন্ধি ব্যক্তিগত স্পনছৰাৰ নাইকি (Nike)ৰ জাৰ্ছী পিন্ধা, দলৰ আন খেলুৱৈৰ সৈতে গেমছ ভিলেজত থাকিবলৈ অস্বীকাৰ কৰা, বেলেগ ফ্ল’ৰত ৰূম বিচৰা, দলীয় সতীৰ্থৰে প্ৰশিক্ষণ ল’বলৈ অস্বীকাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৱিনেশ ফোগাতৰ বিৰুদ্ধে। ফেডাৰেচনে এতিয়া ফোগাতৰ উত্তৰৰ অপেক্ষা কৰিছে আৰু খেলুৱৈগৰাকীৰ উত্তৰৰ পিছতে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিউজ এজেন্সী ANIত প্ৰকাশ।
উল্লখ্য যে হাংগেৰীত প্ৰশিক্ষক ওলৰ অকোছৰ সৈতে প্ৰশিক্ষণ লৈ থকা ৱিনেশ ফোগাতৰ বিৰুদ্ধে অনুশাসনহীনতাৰ অভিযোগ উত্থাপন কৰিছে ফেডাৰেচনে। উল্লেখ্য যে এছিয়ান গেমছ (Asian Games) আৰু কমনৱেল্থ গেমছ (Commonwealth Games)ত সোণৰ পদক জয় কৰা ৱিনেশ ফোগাত জনপ্ৰিয় হৈ পৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|