বিৰিয়ানী দেখিলে আপোনাৰো হয়তো জিভাৰ পানী পৰে, নপৰিব নো কিয় ? ইয়াৰ সোৱাদেই তেনেকুৱা। বিশ্বৰ ভিন্ন দেশত আটাইতকৈ জনপ্ৰিয় ব্যঞ্জন বিধেই হৈছে বিৰিয়ানী আৰু এই বিৰিয়ানী প্ৰেমীসকলে প্ৰায়ে চেফৰন-ফ্লেভাৰযুক্ত চাউলৰ এই বিশেষ ব্যঞ্জনৰ সোৱাদ লবলৈ ভিন্ন ৰেষ্টুৰেন্টলৈ যায় ।
কিন্তু কেতিয়াবা আপুনি সোণেৰে সজোৱা বিৰিয়ানীৰ সোৱাদ ল'বলৈ গৈ ২০ হাজাৰ টকা খৰচ কৰি পাইছে।
আচৰিত যেন লাগিলেও এয়াই কিন্তু সঁচা। ডুবাইৰ বোম্বাই বৰোত প্ৰিয় ব্যঞ্জনৰ সোৱাদ ল'বলৈ হ'লে আপুনি ব্যয় কৰিব লাগিব এই বুজন পৰিমাণৰ ধন। যিয়ে বৰ্তমানে বিক্ৰী কৰি আছে বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিৰিয়ানী। সোণ চৰোৱা বিৰিয়ানীয়ে এইবাৰ দৃষ্টি কাঢ়িছে বিশ্ববাসীৰো।
ৰয়েল গোল্ড বিৰিয়ানী বুলি জনাজাত এই বিৰিয়ানী প্ৰতি প্লেটত ১,০০০ দিৰহামছত বিক্ৰী কৰা হয়। যাৰ ভাৰতীয় মূল্য প্ৰায় ১৯,৭০৫.৮৫ টকা আৰু ২৩ কেৰেট সোণৰ পাতৰ সৈতে এই বিৰিয়ানী সজাই দিয়া হয় গ্ৰাহকক।
পোশ ডুবাই আন্তৰ্জাতিক বিত্তীয় কেন্দ্ৰ (DIFC)ত অৱস্থিত এই ৰেষ্টুৰেণ্টখন ঔপনিবেশিক ব্ৰিটিছ বাংলোৰ দৰেই সজাই ৰখাৰ লগতে ইয়াত পৰিৱেশন কৰা খাদ্যৰ মূল্যও অতি লক্ষণীয়।
এই ৰেষ্টুৰেন্টখনত বিৰিয়ানীৰ এখন প্লেটত ৩ কিলোগ্ৰাম চাউল আৰু মাংস থাকে । ইয়াক কাৰীৰ লগতে মেটবল, গ্ৰিলড চিকেন আৰু বিভিন্ন ধৰণৰ কাবাবো থাকে । প্লেটত তিনি প্ৰকাৰৰ চাউল থাকে - তাৰে এটা হৈছে সাধাৰণ চিকেন বিৰিয়ানি চাউল, কিমা চাউল আৰু 'হোৱাইট এণ্ড চেফৰণ চাউল'।
এই প্লেটখনত লগতে কাৰামেলাইজড পাচলি আৰু অন্যান্য সুস্বাদু খাদ্যও থাকে আৰু আপোনাৰ ভোকৰ অনুযায়ী গোটেই পৰিয়ালটোৱে উপভোগ কৰিব পাৰে । আৰু লক্ষণীয় দিশটো হ'ল এই আকৰ্ষণীয় ব্যঞ্জনবিধ পৰিৱেশন কৰাৰ পূৰ্বে সোণৰ পাতত মেৰিয়াই ৰখা হয়।
বোম্বাই বৰো হৈছে এখন ভাৰতীয় ৰেষ্টুৰেণ্ট, যি ফেব্ৰুৱাৰীত ডুবাইত খোলা হৈছিল। যিয়ে ইতিমধ্যে ইয়াৰ বিশেষ ১,০০০ দিৰহাম বিৰিয়ানিৰ বাবে খ্যাতি বুটলিবলৈ সক্ষম হৈছে।
যিহেতু সোণ চৰোৱা বিৰিয়ানী কেতিয়াবা অসাধাৰণ যেন লাগিব পাৰে। কিন্তু ই "ষ্ট্ৰবেৰী বিৰিয়ানি" খোৱাৰ শেহতীয়া প্ৰৱণতাৰ দৰে অপমানজনক নহয়। বিগত সপ্তাহৰ আৰম্ভণিতে এজন পাকিস্তানী টুইটাৰ ব্যৱহাৰকাৰীয়ে ষ্ট্ৰবেৰী বিৰিয়ানীৰ এখন বিশেষ ছবি শ্বেয়াৰ কৰাৰ পাচতে বিৰিয়ানীৰ এই পৰীক্ষামূলক ব্যঞ্জন ভাইৰেল হৈ পৰিছিল ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|