How to Get Good Sleep in Night: সুস্থ জীৱনশৈলী উপভোগ কৰিবলৈ হ’লে পৰ্যাপ্ত পৰিমাণে টোপনিও লোৱাটো প্ৰয়োজনীয়। যদিও কিছুমান মানুহ প্ৰায়ে টোপনিৰ বিকাৰৰ বলি হয়। যাৰ বাবে তেওঁলোকৰ টোপনি সম্পূৰ্ণ নহয়। এনে পৰিস্থিতিত যদি আপোনাৰো ৰাতি টোপনি নাহে। তেন্তে কিছুমান সহজ টিপছ মানি চলিলে মাত্ৰ মিনিটৰ ভিতৰতে গভীৰ টোপনি অহাই নহয় নিজকে সুস্থ কৰি ৰাখিব পাৰিব। বিশেষজ্ঞসকলৰ মতে ৰাতি ৬-৮ ঘণ্টা টোপনি অহাটো প্ৰয়োজনীয়। আজিৰ ব্যস্ত জীৱনশৈলী আৰু মানসিক চাপৰ বাবে বহুতে ৰাতি টোপনি নাযায়। সেইবাবেই আমি আপোনালোকক গভীৰ টোপনিৰ কিছুমান উপায় ক’ম, যাৰ সহায়ত আপুনি গোটেই দিনটো সতেজ আৰু শক্তিশালী হৈ থাকিব পাৰিব।
মালিচ কৰি চাওক- ৰাতি টোপনি নোহোৱা হ’লে মালিচ থেৰাপী চেষ্টা কৰাটোৱেই উত্তম বিকল্প। ইয়াৰ বাবে অলপ তেল লৈ মূৰটো মালিচ কৰক। যাৰ বাবে আপুনি অতি শিথিল অনুভৱ কৰিব আৰু টোপনিও সোনকালে আহিব।
গা ধুবলৈ নাপাহৰিব- ৰাতি ভালদৰে শুবলৈ কুহুমীয়া পানীৰে গা ধুব পাৰে। আচলতে কুহুমীয়া পানীৰে গা ধুলে শৰীৰৰ সকলো ভাগৰ দূৰ হয়। যাৰ বাবে আপুনি ভাল টোপনি লাভ কৰিব। এনে পৰিস্থিতিত শোৱাৰ আগতে কুহুমীয়া পানীৰে গা ধুবলৈ নাপাহৰিব।
কিতাপ পঢ়া অভ্য়াস কৰক- পৰ্যাপ্ত টোপনিৰ বাবে কিতাপ পঢ়াও এটা উত্তম বিকল্প হ’ব পাৰে। এনে পৰিস্থিতিত শোৱাৰ আগতে আপোনাৰ প্ৰিয় কিতাপখন পঢ়িব পাৰে। ইয়াৰ ফলত আপোনাৰ বহুত ভাল লাগিব আৰু টোপনিও সহজে আহিব।
ৱৰ্কআউট কৰা পৰিহাৰ কৰক- কিছুমান মানুহৰ শোৱাৰ আগতে ৱৰ্কআউট বা শাৰীৰিক কাৰ্য্যকলাপ কৰাৰ অভ্যাস থাকে। কিন্তু ইয়াৰ ফলত আপোনাৰ শৰীৰ সক্ৰিয় হৈ পৰে আৰু টোপনি অহাত অসুবিধা হ’ব পাৰে। সেইবাবেই শোৱাৰ তিনি ঘণ্টা আগতে ৱৰ্কআউটৰ পৰা আঁতৰি থকাটো ভাল।
উপযুক্ত সময়ত খাদ্য খোৱা- বেছিভাগ মানুহেই ৰাতি খোৱাৰ লগে লগে শুই যায়। ইয়াৰ বাবে কেৱল টোপনিতে অসুবিধা হোৱাই নহয়, হজম শক্তিৰ লগত জড়িত সমস্যাও হ’ব পাৰে। সেইবাবেই শোৱাৰ ২-৩ ঘণ্টা আগতে খাদ্য গ্ৰহণ কৰাটো ভাল।
সময় ঠিক কৰক- ভাল টোপনি পাবলৈ শোৱাৰ আৰু শুই উঠাৰ সময় ঠিক নিৰ্ধাৰণ কৰিব লাগে। ইয়াৰ ফলত আপুনি পৰ্যাপ্ত টোপনি পাব আৰু আপোনাৰ শৰীৰেও দিনটোৰ ভিতৰত সক্ৰিয় অনুভৱ কৰিব।
(সতৰ্কবাণীঃ এই লেখাত দিয়া তথ্য আৰু উপায় সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। News18 Assam য়ে এইবোৰ নিশ্চিত কৰা নাই। কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by: Subham Goswami
FIRST PUBLISHED : March 17, 2023, 22:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।