ICC বিশ্বকাপ ২০১৯: ভাৰত কেতিয়া মুখামুখি হ’ব চিৰবৈৰী পাকিস্তানৰ?

News18
Updated:May 10, 2019, 4:55 PM IST
ICC বিশ্বকাপ ২০১৯: ভাৰত কেতিয়া মুখামুখি হ’ব চিৰবৈৰী পাকিস্তানৰ?
বিশ্বকাপৰ খেলৰ সম্পূৰ্ণ তালিকা আমাৰ হাতত।

বিশ্বকাপৰ খেলৰ সম্পূৰ্ণ তালিকা আমাৰ হাতত।

  • News18
  • Last Updated: May 10, 2019, 4:55 PM IST
  • Share this:
ইংলেণ্ডত হ’ব লগীয়া আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম ৰাউণ্ডত ৯ খন মেচ খেলিব ভাৰতে । অহা ৫ জুন তাৰিখে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব। অহা দেওবাৰে শেষ হব ২০১৯ বৰ্ষৰ আইপিএল ।
তাৰ পিছতেই ভাৰতে বিশ্বকাপৰ বাবে চলাব প্ৰস্তুতি। ৩০ মে’ৰ পৰা আৰম্ভ হ’ব লগীয়া ক্ৰিকেটৰ মহাৰণ খনৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে ভাৰতীয় দ’ল । ভাৰতীয় দ’লত বেটচমেনৰ ৰূপত থাকিব অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মা,কে়ডাৰ যাদৱ,শিখৰ ধাৱান আৰু কেএল ৰাহুল । সেইদৰে উইকেট কিপাৰ বেটচমেন হিচাপে দ’লত আছে মহেন্দ্ৰ সিং ধোনী আৰু দিনেশ কাৰ্তিক ।য়ুজৱিন্দৰ চহল,কুলদ্বীপ যাদৱ আৰু ৰবিন্দ্ৰ জাদেজাই চম্ভালিব স্পীন বলিঙ সেইদৰে পেচ বলাৰ হিচাপে দ’লত আছে ভুৱনেশ্বৰ কুমাৰ,জচপ্ৰীত ভোমৰাহ ।
বিজয় শংকৰ,হাৰ্ডিক পাণ্ডিয়া আছে অলৰাউণ্ডাৰ হিচাপে ।

ভাৰতে কেতিয়া কাৰ সৈতে হ’ব মুখামুখিঃ

৫ জুন– ভাৰত বনাম দক্ষিণ আফ্ৰিকা
৯ জুন– ভাৰত বনাম অষ্ট্ৰেলিয়া
১৩ জুন–ভাৰত বনাম নিউজিলেণ্ড

১৬ জুন–ভাৰত বনাম পাকিস্তান
২২ জুন–ভাৰত বনাম আফগানিস্তান
২৭ জুন–ভাৰত বনাম ৱেষ্টইণ্ডিছ
৩০ জুন–ভাৰত বনাম ইংলেণ্ড
২ জুলাই–ভাৰত বনাম বাংলাদেশ
৬ জুলাই–ভাৰত বনাম শ্ৰীলংকা

লীগমেচৰ পিছত শীৰ্ষ চাৰিটা দ’লে ৯ আৰু ১১ জুলাইত ছেমি ফাইনেল খেলিব । ১৪ জুলাইত হ’ব আইচিচি বিশ্বকাপ দ্বাদশ সংস্কৰণৰ ফাইনেল ।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading