உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • World Bicycles Day: বাইচাইকেলে কিদৰে উপকাৰ সাধে আপোনাৰ জীৱনত

    World Bicycles Day: বাইচাইকেলে কিদৰে উপকাৰ সাধে আপোনাৰ জীৱনত

    প্ৰায় দুই শতিকাৰ পৰা ব্যৱহাৰ হৈ অহা চাইকেলক লৈ পালন কৰা বিশ্ব বাইচাইকেল দিৱসৰ তাৎপৰ্য উপলব্ধি কৰাটো পৃথিৱীৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয়।

    প্ৰায় দুই শতিকাৰ পৰা ব্যৱহাৰ হৈ অহা চাইকেলক লৈ পালন কৰা বিশ্ব বাইচাইকেল দিৱসৰ তাৎপৰ্য উপলব্ধি কৰাটো পৃথিৱীৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয়।

    প্ৰায় দুই শতিকাৰ পৰা ব্যৱহাৰ হৈ অহা চাইকেলক লৈ পালন কৰা বিশ্ব বাইচাইকেল দিৱসৰ তাৎপৰ্য উপলব্ধি কৰাটো পৃথিৱীৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয়।

    • Share this:

    বিশ্ব বাইচাইকেল দিৱস প্ৰতি বছৰে ৩ জুনত সমগ্ৰ বিশ্বতে পালন কৰা হয়। ১৬ এপ্ৰিল, ২০১৮ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা গৃহীত কৰা এটা প্ৰস্তাৱ মৰ্মে ৩ জুনক বিশ্ব বাইচাইকেল দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। আধুনিক জীৱন পদ্ধতিয়ে মানৱ সমাজক শাৰীৰিক পৰিশ্ৰমৰ পৰা আঁতৰাই ৰখাৰ লগতে নানা ৰোগ–ব্যাধিৰো প্ৰকোপ এনে পৰিশ্ৰম অবিহনে বৃদ্ধি পায়। লগতে প্ৰদূষণমুক্ত পৃথিৱী গঢ়ি তোলাৰ প্ৰতিও দৃষ্টি দি এনে এটা দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছিল।


    বিশেষজ্ঞসকলৰ মতে চাইকেল চলোৱাটো সকলো বয়সৰ লোকৰ বাবে এটা অতি স্বাস্থ্যকৰ অভ্যাস। প্ৰায় দুই শতিকাৰ পৰা ব্যৱহাৰ হৈ অহা চাইকেলক লৈ পালন কৰা বিশ্ব বাইচাইকেল দিৱসে আমাক সোঁৱৰাই দিয়ে যে চাইকেল কিয় পৰিবহণৰ সৰ্বশ্ৰেষ্ঠ উপায়– ই পৰিৱেশ অনুকূল হোৱাৰ লগতে কম খৰচী, লগতে চাইকেল চলোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।


    বাইচাইকেলৰ তিনিটা মূল উপকাৰিতা


    ১. বাইচাইকেলৰ অত্যধিক ব্যৱহাৰে সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰে। বায়ুত কাৰ্বন ডাই অক্সাইডৰ দৰে ক্ষতিকাৰক গেছ বৃদ্ধিৰ স্তৰ হ্ৰাস কৰে। ফলত বায়ু প্ৰদূষণৰ প্ৰকোপ বহুখিনি হ্ৰাস হয়। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আপুনি চলোৱা বাইচাইকেলখনে ক্ষুদ্ৰ হিচাপত হ'লেও অৰিহণা যোগায়।


    ২. বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, চাইকেল চলোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। পেশীৰ শক্তি বৃদ্ধি কৰে, শৰীৰৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখে। চাইকেলে আন এটা ডাঙৰ উপকাৰ কৰে, সেয়া হৈছে মানসিক চাপ হ্ৰাস কৰে। শৰীৰৰ হাড়ৰ ক্ষেত্ৰত বিশেষ উপকাৰ সাধন কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।


    ৩. চাইকেল যথেষ্ট কম খৰচী। কিয়নো ইয়াক চলাবলৈ কোনো ইন্ধন ব্যয় নহয় আৰু ইয়াক বিভিন্ন গন্তব্যস্থানত উপনীত হ'বলৈ সহজে ব্যৱহাৰ কৰিব পাৰি। যেতিয়াই তেতিয়াই যিকোনো ঠাইলৈ যোৱাৰ স্বাধীনতা থকা এখন একমাত্ৰ বাহন বাইচাইকেল।

    Published by:Gautam Barman
    First published: