• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • World AIDS Day 2022: আজি বিশ্ব এইডছ দিৱস, চিকিৎসকৰ মতে- চুম্বন কৰিলে আৰু চিগাৰেট ভগাই খালেও এইডছ বিয়পিব পাৰে

World AIDS Day 2022: আজি বিশ্ব এইডছ দিৱস, চিকিৎসকৰ মতে- চুম্বন কৰিলে আৰু চিগাৰেট ভগাই খালেও এইডছ বিয়পিব পাৰে

আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে কি কৰিব?

আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে কি কৰিব?

আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে কি কৰিব?

  • Share this:
আজি বিশ্ব এইডছ দিৱস। সমগ্ৰ বিশ্বতে ১ ডিচেম্বৰ ‘বিশ্ব এইডছ দিৱস’ হিচাপে পালন কৰা হয়। এইডছ ৰোগৰ বিষয়ে মানুহক সজাগ কৰাৰ লগতে এই ৰোগত মৃত্যু হোৱা সেইসকল লোকক স্মৰণ কৰিবলৈ এই দিৱস পালন কৰা হয়।

বিশ্বত কোটি কোটি লোকে এইডছৰ সমস্যাৰ সৈতে যুঁজি আছে। এইটো এনেকুৱা এটা ৰোগ, যিটো চিকিৎসাৰ জৰিয়তে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰি। অৱশ্যে ঔষধৰ জৰিয়তে ইয়াক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

এইডছৰ সম্পূৰ্ণ ৰূপ হ’ল একুয়াৰ্ড ইমিউন'ডেফিচিয়েন্সি ছিণ্ড্ৰম (এইডছ)। এই ৰোগ এইচ আই ভি সংক্ৰমণৰ পৰা আৰম্ভ হয়। লাহে লাহে যেতিয়া এই সংক্ৰমণ ৰোগ প্ৰতিৰোধ ক্ষমতা, যকৃত, বৃক্ক, হাওঁফাওঁ, ছালকে ধৰি শৰীৰৰ বহু অংশলৈ বিয়পি পৰে, তেতিয়া এই অৱস্থাক এইডছ বুলি কোৱা হয়। এইডছৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ষতিগ্ৰস্ত হয়। এইডছৰ বিষয়ে ডাক্তৰে বহু চাঞ্চল্যকৰ কথা কৈছে, যিবোৰ সকলোৱে নিশ্চয় জানে।

চুমা খালেও এইডছ বিয়পিব পাৰে
শুনিলে নিশ্চয় আচৰিত হ’ব, কিন্তু এইটো সঁচা যে চুমা খালেও এইডছ বিয়পিব পাৰে। নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা (চিকিৎসা) ডাঃ ৰাকেশ গুপ্তাই কয় যে এইডছ সংক্ৰমণ তেজলৈ সংক্ৰমিত হয়। যদি কোনো ব্যক্তিৰ এইডছ ৰোগত আক্ৰান্ত হয় আৰু তেওঁৰ ওঁঠৰ পৰা তেজ ওলায়, তেন্তে তেনে ব্যক্তিক চুমা খোৱাটোও এইডছ বিয়পাৰ কাৰণ হৈ পৰিব পাৰে। যিকোনো প্ৰকাৰে এইডছ সংক্ৰমিত তেজৰ সংস্পৰ্শলৈ আহিলে আন সুস্থ ব্যক্তি ইয়াৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা থাকে। কেতিয়াবা এই সংক্ৰমণ লেলাৱতিৰ যোগেদিও আন মানুহলৈ বিয়পিব পাৰে।

চিগাৰেট শ্বেয়াৰ কৰাটো মাৰাত্মক হ’ব পাৰেনে?
ডাঃ ৰাকেশ গুপ্তাৰ মতে প্ৰায়ে আপুনি নিশ্চয় মানুহক ইজনে সিজনৰ লগত চিগাৰেট ভাগ কৰা দেখিছে, কিন্তু তেনে কৰাটোও এইডছ বিয়পাৰ কাৰণ হ’ব পাৰে। কেতিয়াবা চিগাৰেটৰ জৰিয়তেও এইচ আই ভি সংক্ৰমণ এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। এই সৰু কথাটোত মানুহে একেবাৰেই গুৰুত্ব নিদিয়ে, কিন্তু সকলোৱে ইয়াক গুৰুত্বসহকাৰে লোৱা উচিত। যদি এইচ আই ভি সঠিক সময়ত চিকিৎসা কৰা হয়, তেন্তে এইডছ নিয়ন্ত্ৰণ কৰি এইডছৰ অৱস্থাৰ পৰা হাত সাৰিব পাৰি। আজিৰ যুগত বহুতো ঔষধ আছে, যিয়ে এই ভাইৰাছ নিয়ন্ত্ৰণ কৰিব পাৰে।

এইডছ কেনেকৈ বিয়পিব পাৰে জানি লওক?
- এইডছ সংক্ৰমিত তেজ গ্ৰহণ
–ব্যৱহৃত চিৰিঞ্জৰ পুনৰ ব্যৱহাৰ
- অসুৰক্ষিত যৌন সম্পৰ্ক
- আন এজনৰ ব্লেড ব্যৱহাৰ কৰা
- সমকামী সম্পৰ্ক গঢ়ি তোলা
-তেজৰ সৈতে সম্পৰ্কিত সকলো কাম

আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে কি কৰিব?
ডাঃ ৰাকেশ গুপ্তাই কয় যে যদি আপুনি অনুভৱ কৰে যে আপুনি কোনো সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে, তেন্তে ২৪ ঘণ্টাৰ ভিতৰত চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ খাব পাৰে। আপুনি যিমান সোনকালে এই কামটো কৰে, তেন্তে ঔষধৰ জৰিয়তে আপুনি এইডছৰ কবলত পৰাৰ পৰা ৰক্ষা পাব। সন্দেহ থাকিলেও চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি